গুৰুজনাৰ জন্মস্থানলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ইমামুল ইছলাম , ডুমডুমীয়া, ২১ ফেব্ৰুৱাৰীঃ অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম আদি লীলা ভূমি শ্ৰী শ্ৰী বটদ্রৱা থান সমগ্ৰ অসম, ভাৰত ভূমি তথা বিশ্বৰ সনাতনী সাংস্কৃতিক পৰম্পৰাত বিশ্বাসী প্ৰতিগৰাকী ধৰ্মপ্ৰাণ মানুহৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ স্থলী অসমীয়া জাতিৰ মণিকূট স্বৰূপ শ্ৰী মন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত হোৱা ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকাৰ ব্যয়সাপেক্ষ নিৰ্মাণ হ’ব লগীয়া বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগৰ নিৰ্মাণ কাৰ্য্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৫ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰিব । দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ভ্ৰমনক লৈ বিধায়িকা আঙুৰলতা ডেকাৰ ব্যস্ততাও বৃদ্ধি পাইছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন বৈঠক। স্থানীয় ৰাইজকো জড়িত কৰাৰ চেষ্ঠাৰে বিধায়িকা গৰাকীয়ে ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনাইছে বিধায়িকা গৰাকীয়ে । ইতিমধ্যে অমিত শ্বাহক আদৰণি জনাবলৈ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলিছে। আজি অমিত শ্বাহৰ ভ্ৰমন সূচীৰ বুজ ল’বলৈ বটদ্ৰৱাত প্ৰাক্তন কেন্দ্ৰীয় ৰেলমন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়াও উপস্থিত হয় আৰু বিধায়িকা আঙুৰলতাক লৈ দলীয় কৰ্মীসকলৰ সৈতে সভাৰ প্ৰস্তুতিৰ বুজ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here