গোলকগঞ্জৰ বেলগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী ৰনডংকা , ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত বেলগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাবেশ বজালে নিৰ্বাচনী ৰনডংকা

    0
    258

    গোলকগঞ্জৰ বেলগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী ৰনডংকা , ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত বেলগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাবেশ বজালে নিৰ্বাচনী ৰনডংকা
    দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলকগঞ্জ , ১ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি আয়োজিত এক বিশাল গন সমাবেশেৰে কংগ্ৰেছৰে গোলকগঞ্জ সমষ্টিত নিৰ্বাচনী ৰনডংকা বজায়। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত গন সমাবেশেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা , প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন , প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ওৱাজেদ আলী চৌধুৰী ,কণ্ঠশিল্পী বাবু , মানিকাচৰ সমষ্টি বিধায়ক ডঃ মতিয়ৰ মন্ডল , কেবা গৰাকী প্ৰাক্তন মন্ত্ৰী , সাংসদ তথা কংগ্ৰেছৰ ৰাজ্যিক , জিলা আৰু ব্লক কংগ্ৰেছৰ বহু বিষয়া ববীয়া , নেতা কৰ্মীৰ লগতে যুৱ , মহিলাকে ধৰি বহু নেতা কৰ্মীৰ ৩০ সহশ্ৰধিক ৰাইজ উপস্থিত থাকে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইনক বাইক ৰেলিৰে আদৰি আনে কংগ্ৰেছৰ কৰ্মী সকলে । হাজাৰ হাজাৰ লোকৰ উপস্থিতিত এইবাৰ গোলকগঞ্জত কংগ্ৰেছৰ জয়ী নিশ্চিত বুলি দাবী কৰে ৰিপুন বৰা আৰু ৰকিবুলে। ৰকিবুলে বিজেপি দলৰ লগতে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি গোলকগঞ্জৰ লগতে অসমত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰে । ৰকিবুল হকে নাম নোকোৱাকৈ তথা বন্ধু বুলি সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা টালি টোপোলা বান্ধিবলৈ কয় । ৰিপুন বৰাও অসমত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰে । তেওঁ বিগত নিৰ্বাচিনৰ পূৰ্বে বিজেপি দলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ থকা উল্লেখ কৰি বিজেপিয়ে কোনো প্ৰতিশ্ৰুতি প্ৰদান নকৰা বুলি দাবী কৰে । ইয়াৰ বিপৰীতে বিজেপি দলে প্ৰতিজন অসমবাসীৰ ঋনৰ বোজা জাপি দিয়া বুলি গুৰুত্বৰ অভিযোগ কৰে । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে একাংশ লোকক ডি ভোটাৰৰ নামত ভোট দানৰ পৰা বঞ্চিত কৰি অহাৰো অভিযোগ কৰে । তেওঁ কয় , বিদেশী ন্যায়ধিকৰনত এক্স পাৰ্টি কৰি ডিটেনচন কেম্পত প্ৰেৰণ কৰা হয় আৰু ডিটেনচন কেম্পতে বহুতে আত্মহত্যা কৰিব লগা হয় । সেয়ে এনেবোৰ ঘটনাৰ বাবে কংগ্ৰেছ দল শাসনত আহিলে ডি ভোটাৰৰ গোচৰ শীঘ্ৰেই মিমাংসাৰ ব্যৱস্থা কৰিব কংগ্ৰেছ চৰকাৰে । লগতে কৃষক সকলৰ কৃষি ‌ঋন মাফ কৰা ,মহিলা সকলৰ মাইক্ৰ ফাইনেঞ্চৰ ‌ঋন মাফ কৰা , ন্যায় আচনিৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এ পি এল নোহোৱালৈকে ৭৫০০ টকা প্ৰদান কৰা , ১২০ ইউনিট বিদ্যুৎ ফ্ৰী , প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মাজত এটাকৈ চৰকাৰী চাকৰি প্ৰদান অংগনবাদী কেন্দ্ৰ বৃদ্ধি কৰিব মহিলা সকলৰ চাকৰি দিয়াৰ লগতে কংগ্ৰেছ চৰকাৰ গঠন কৰিলে প্ৰথম বছৰতে ৯০ হেজাৰ চাকৰি দিব বুলি নিজৰ ভাষণত কয় ৰিপুন বৰায়।কংগ্ৰেছে দেশ স্বাধীন কৰাৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী আৰু সৰ্বানন্দ মূখ্যমন্ত্ৰী হ’ব পাৰিছে বুলি কয় ৰিপুন বৰাই। আনহাতে,প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ কাকো ভয় নকৰে , অকল ৰাহুল গান্ধীৰ বাহিৰে বক্তব্য আগবঢ়ায় সাংবাদিকৰ আগত । গতিকে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী হব লাগে বুলি উল্লেখ ৰিপুন বৰায় । বিজেপিয়ে আচঁনি দিয়াৰ লোভত মিটিংত মানুহ অনা বুলিও অভিযোগ কৰি তেওঁ কয় , আজি অনুষ্ঠিত হোৱা বাজেটত সাধাৰণ মানুহৰ বাবে একোই নাই । নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে এই বাজেট বুলি অভিযোগ কৰে। দুখীয়া মানুহৰ বাবে একোই নাই এই বাজেটত , নিবনুৱাৰ বাবে নাই কোনো এই বাজেটত। এইটো সময় অসম ৰক্ষাৰ সময় । গতিকে,সকলো বিলাক বিজেপি বিৰোধী দলক একত্ৰিত কৰাৰ বাবে আহ্বান জনায় ৰিপুন বৰাই।আজমলক লৈ কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে , আজমল সাম্প্ৰদায়িক নহয় । কাৰণ সাম্প্ৰদায়িক হল যিয়ে বেলেগ ধৰ্মক ঘৃণা কৰে । আজমল বেলেগ ধৰ্মক ঘৃণা কৰা নাই। বিজেপিয়ে কয় যে , মুছলমানৰ ভোট নালাগে। গতিকে,বিজেপি সাম্প্ৰদায়িক দ’ল বুলি সাংবাদিকৰ আগত কয় ৰিপুন বৰাই। আজমল সাম্প্ৰদায়িক হয় নে নহয় , সেয়া নিৰ্বাচনী আয়োগে কব বা ভাৰতৰ সংবিধানে কব । ভাৰতীয় সংবিধানে আজমলক কেতিয়াও সাম্প্ৰদায়িক কোৱা নাই ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here