গোলকগঞ্জ সংহত শিশু উন্নয়ন প্ৰকল্প , ১২০ নং পূব হাল্যা উজানপেটলা প্ৰথম খণ্ড অংগনৱাড়ী কেন্দ্ৰত অনিয়ম

    2
    125

    গোলকগঞ্জ সংহত শিশু উন্নয়ন প্ৰকল্প , ১২০ নং পূব হাল্যা উজানপেটলা প্ৰথম খণ্ড অংগনৱাড়ী কেন্দ্ৰত অনিয়ম
    দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ ,তামাৰহাট, ১৬ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ গোলকগঞ্জ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১২০ নং পূব হাল্যা উজানপেটলা প্ৰথম খণ্ড অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ অনুসৰি , ১২০ নং পূব হাল্যা উজানপেটলা প্ৰথম খণ্ড অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী তথা গাঁও খনৰ বাসিন্দা বিউটী শীল বহুত দিনৰ পৰাই ‘ডি’ ভোটাৰ অৰ্থাৎ সন্দেহযুক্ত নাগৰিক। নিয়ম মতে , সন্দেহ জনক নাগৰিকে (‘ডি’ ভোটাৰ) ভোট দানৰ পৰা বঞ্চিত হোৱাৰ লগতে চৰকাৰী কোনো ধৰণৰ সা-সুবিধা লাভ কৰিব নোৱাৰে। কিন্তু তদানীন্তন স্থানীয় বিধায়ক গৰাকীৰ ঘনিষ্ঠ বুলি জনাজাত উজানপেটলা প্ৰথম খণ্ড গাঁওৰ বাসিন্দা অনিল শীলৰ পত্নী বিউটী শীলে চৰম জালিয়াতিৰে বিভাগীয় কতৃপক্ষক মেনেজ কৰি গোপন বুজা-বুজিৰে ২০০৯ চনতে উক্ত অংগনাৱাড়ী কেন্দ্ৰটোৰ কৰ্মী হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়।তেতিয়াৰে পৰা বিউটী শীলে উক্ত অংগনাৱাড়ী কেন্দ্ৰটোত অংগনৱাড়ী কৰ্মী হিচাপে কাম কৰি আছে । ‘ডি’ ভোটাৰ হোৱা হেতুকে উক্ত অংগনৱাড়ী কৰ্মী গৰাকীয়ে কোনো এটা বেংকতে একাউন্ট (পাছ বুক) খুলিব নোৱাৰাত বহু দিন ধৰি মাননী লাভৰ পৰা বঞ্চিত হব লগা হৈছিল।অৱশেষত চতুৰ স্বভাৱৰ অংগনৱাড়ী কৰ্মী গৰাকীয়ে চৰম জালিয়াতিৰ আশ্ৰয়লৈ এখন ভূৱা ভোটাৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰি ভাৰতীয় ষ্টেট বেংকৰ কাচখানা শাখাত এটা একাউন্ট খুলি নিয়মিত ভাবে মাননী আদায় কৰি আছে । এজন সন্দেহ জনক নাগৰিকে জালিয়াতিৰে নিযুক্তি লাভ কৰি অবৈধ ভাবে মাননী লাভ কৰা কাৰ্য্যত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে। গতিকে , উচিত তদন্ত ক্ৰমে বিহিত ব্যাৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ।

    2 COMMENTS

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here