গোসাঁইগাওঁত বিজেপিৰ সম্বৰ্ধনা সভা অনুষ্ঠিত , এইবাৰ বিটিছিৰ ৰাইজে বড়োলেণ্ড, বড়ো ভাষা বিচৰা নাইঃ ৰেওৰেওৱা নাৰ্জিহাৰী

    0
    116
    গোসাঁইগাওঁত বিজেপিৰ সম্বৰ্ধনা সভা অনুষ্ঠিত , এইবাৰ বিটিছিৰ ৰাইজে বড়োলেণ্ড, বড়ো ভাষা বিচৰা নাইঃ ৰেওৰেওৱা নাৰ্জিহাৰী
    দুৰ্নীতিৰ দৰ্পণ সেৱা, গোসাঁইগাওঁ, ২১ জানুৱাৰীঃ সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনত গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে দিনৰ ১২.৩০ বজাত গোসাঁইগাঁও সদৰ চহৰ সংলগ্ন এছ এছ মাৰ্কেটত বিজেপিৰ সৰাইবিল মণ্ডল সমিতিয়ে বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। সৰাইবিল মণ্ডল সমিতিৰ সভাপতি নিৰ্মল পালৰ সভাপতিত্বত অনুষ্ঠিত সভাত মণ্ডল সমিতিয়ে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ সজল কুমাৰ সিংহ, জমদুৱাৰ পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ ৰেওৰেওৱা নাৰ্জিহাৰী, গুমা সমষ্টিত প্ৰতিনিধিত্ব কৰা নিলেশ্বৰ ৰায়, শৰাইবিল সমষ্টিৰ উইলিয়াম নাৰ্জাৰী আদিকে ধৰি কেইবাজনো  এমচিএলএ, নেতৃবৃন্দক  সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত দাউলিগুৰি ভিচিডিচি’ৰ হানিফ আলী, শাহালম, সহিদুল ইছলাম শেখ আদিকে ধৰি কেইবাজনো ব্যক্তিয়ে বিপিএফ দল এৰি  বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাৰ অন্তত জমদুৱাৰ সমষ্টিৰ এমচিএলএ তথা নৱ বিজেপি নেতা ৰেওৰেওৱা নাৰ্জিহাৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে এইবাৰ বিটিছিৰ ৰাইজে বড়োলেণ্ড ৰাজ্য বিচৰা নাই, বড়ো ভাষা বিচৰা নাই; উন্নতি হে বিচাৰে। সেয়ে আমি বিজেপিৰ শৰণাপন্ন হৈছোঁ। যোৱা সোতৰ বছৰে বিপিএফে বিটিছিত উন্নয়ন কৰিছে যদিও এইবাৰ ৰাইজে বিজেপি-ইউপিপিএলক ‘মেনডেট’ দিছে। সভাত কংগ্ৰেছ দলৰ বিজয়ী হৈ বিজেপিত যোগদান কৰা এমচিএলএ সজল কুমাৰ সিংহই তেওঁৰ মন্তব্যত বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ – এইউডিএফৰ মিত্ৰতা সংখ্যালঘু ৰাইজে মানি লব পৰা নাই। সেয়ে এই মিত্ৰজোঁটে বিছ জনকৈ প্ৰাৰ্থী দিয়াৰ পিছতো কিয় মই একমাত্ৰ প্ৰাৰ্থী জয়ী হলোঁ বুলি প্ৰশ্ন তোলে। তেওঁ আৰু কয় যে মোক অনুন্নত সমষ্টি এই শ্ৰীৰামপুৰ সমষ্টি। শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে একমাত্ৰ উন্নয়নৰ স্বাৰ্থত মোক জিকাইছে বুলি তেওঁ দাবী কৰে। উক্ত সভাত দুই শতাধিক দলীয় নেতা, কৰ্মী উপস্থিত আছিল।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here