গোসাইগাঁৱত নিৰ্বাচনী তৎপৰতা, পোকালাগীত দুই শতাধিক সংখ্যালঘু ভোটাৰ ৰাইজ বি জে পি দলত যোগদান

    0
    67

    গোসাইগাঁৱত নিৰ্বাচনী তৎপৰতা, পোকালাগীত দুই শতাধিক সংখ্যালঘু ভোটাৰ ৰাইজ বি জে পি দলত যোগদান

    দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান , গোসাঁইগাঁও, ২৩ ফেব্ৰুৱাৰীঃ অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সমান্তৰালভাৱে বি জে পি দলে ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চলত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।গোসাইগাৱত বিজেপি দলে অব্যাহত ৰাখিছে জনসম্পৰ্ক অভিযান আৰু যোগদান কাৰ্যসূচী। কালি ২৮ নং গোসাইগাও বিধান সভা সমষ্টিৰ অন্তৰ্গত পোকালাগী গাৱত অনুষ্ঠিত হোৱা এক সভাত দুই শতাধিক ধৰ্মীয় সংখালঘূ ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।মাৰোৱাৰী যুৱ মঞ্চৰ গোসাইগাও জিলা সমিতিৰ সভাপতি তথা নতুনকৈ বিজেপি দলত যোগদান কৰা সমাজ কৰ্মী জেঠমল মালুৰ(ঠুনিয়া)বিশেষ তৎপৰতাত সভাখন অনুষ্ঠিতবি হয়।সভাত সমষ্টিটোৰ পৰা জে পি দলৰ টিকট প্ৰত্যাশী জেঠমল মালুয়ে ভাষণত এইবোৰ ২৮ নং গোসাইগাও বিধান সভা সমষ্টিত পদুম ফুলিব বুলি উল্লেখ কৰি সমষ্টিৰ আদিবাসী, ধৰ্মীয় সংখালঘূ আদিকে ধৰি বিভিন্ন জনগোষ্ঠী লোকৰ দলৰ প্ৰতি আকুণ্ঠ সমৰ্থনে তাৰেই সাক্ষ্য বহন কৰিছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আচনি সন্দৰ্ভত ঠুনিয়াই ভাষণ দি ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হয়।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here