গোৰা-সাম্প্ৰদায়িক মানুহৰ ভোট আমাক নালাগে , অহা নিৰ্বাচনত বিজেপিয়ে ১০০+ লৈ চৰকাৰ হব আৰু তাৰে ভিতৰত জনিয়াৰ পৰাও এজন বিজেপি বিধায়ক নিৰ্বাচিত হবঃ শ্বহিদুল ইছলাম

0
113

জনিয়াত বিজেপিৰ পৃষ্ঠা প্ৰমূখ সন্মিলনঃ গোৰা-সাম্প্ৰদায়িক মানুহৰ ভোট আমাক নালাগে , অহা নিৰ্বাচনত বিজেপিয়ে ১০০+ লৈ চৰকাৰ হব আৰু তাৰে ভিতৰত জনিয়াৰ পৰাও এজন বিজেপি বিধায়ক নিৰ্বাচিত হবঃ শ্বহিদুল ইছলামদুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰতিবেদক , হাউলী, ৪ ফেব্ৰুৱাৰীঃ “বিজেপিৰ সংখ্যালঘূৰ ভোট নালাগে আৰু বাৰে-বাৰে তেওঁলোকক অপমান কৰিম বুলি সততে কৈ থকাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সম্পাদক শ্বহিদুল ইছলামে কয় যে,”সংখ্যালঘূৰ ভোট নালাগে বুলি তেওঁ কোৱা নাই আৰু অপমান কোনসকলক কৰাৰ কথা কোৱা হৈছে,যিসকলে মিঞা মিউজিয়াম বিচাৰে, মিঞা ভাষা কবিতা বিচাৰে, মিঞা বুলি কোনো ভাষা নাই, মিঞা বুলি কোনো মিউজিয়াম নালাগে, হয় আমাৰ চৰ-চাপৰিৰ মিউজিয়াম লাগে, মিঞা বুলি কোনো মিউজিয়াম নাথাকে। গতিকে গোটেই বাইটটো শুনিব, যিসকলে মিঞা মিউজিয়াম বিচাৰে তেওঁলোককহে তেওঁক মই অপমান কৰিম আৰু অপমান কৰি আহিছো, মিঞা জাতিক অপমান কৰা নাই, যিসকল প্ৰগতিশীল সংখ্যালঘূ তেওঁলোকৰ ভোট লাগিব। যিসকল গোৰা সংখ্যালঘূ তেওঁলোকৰ ভোট নালাগে, অামিও কৈছো গোৰা মানুহৰ-সাম্প্ৰদায়িক মানুহৰ ভোট আমাক নালাগে। আমি মিঞা মিউজিয়াম নিবিচাৰো। অহা বিধান সভা নিৰ্বাচনত বিজেপিয়ে ১০০+ লৈ চৰকাৰ হব আৰু তাৰে ভিতৰত জনিয়াৰ পৰাও এজন বিজেপি বিধায়ক নিৰ্বাচিত হব বুলি আজি জনিয়াৰ বালাগাঁওত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলনত অংশগ্ৰহন কৰিবলৈ আহি এইদৰে সাংবাদিক আগত কয় ইছলামে। উল্লেখ্য যে, বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি সংগতি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হৈ আহিছে, সেই নীতি-আদৰ্শৰ সংগতি ৰাখি আজি বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধান সমষ্টিৰ অন্তৰ্গত বালাগাঁও হাইস্কুল খেলপথাৰত সমষ্টি ভিক্তিত পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। আজি সন্মিলনখনত ৰাজ্যিক বিজেপিৰ সংখ্যালঘূ যুৱ মৰ্চাৰ সম্পাদক শ্বহিদুল ইছলাম, অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নৱাৰুন মেধি লগতে উপস্থিত থাকে বৰপেটা জিলা বিজেপিৰ সভাপতি শঙ্কৰচন্দ্ৰ দাস, বৰপেটা জিলা ভাজপা সংখ্যালঘূ মৰ্চাৰ সভাপতি ইছমাইল হুছেইন লগত উপস্থিত থাকে ৰাজ্যিক আৰু জিলা বিজেপিৰ কেইবাজনো নেতৃবৰ্গই । উক্ত সন্মিলনৰ প্ৰতি সংগতি ৰাখি পৃষ্ঠা প্ৰমুখসকলক স্বীকৃতি প্ৰদান কৰা হয়। জিলা বিজেপিৰ সভাপতি শঙ্কৰচন্দ্ৰ দাসে আগন্তুক নিৰ্বাচনত বিজেপি দলে ১০০+ আসন লাভ কৰিব বুলি ভাষন প্ৰদান কৰাৰ লগতে জনিয়া সমষ্টিও এইবাৰ বিজেপিৰ দখলত আহিব বুলি সদৰী কৰে। নৱাৰুন মেধিয়ে কোৱা মতে কংগ্ৰেছ দলটো সাম্প্ৰদায়িক দ’ল, সিহঁতে সংখ্যালঘূ অধ্যুষিত অঞ্চলত আহি হিন্দুৰ বিৰুদ্ধে কয় আকৌ হিন্দু অধ্যুষিত অঞ্চলত আহি সংখ্যালঘূৰ বিৰুদ্ধে কয়, কিন্তু বিজেপিয়ে সকলোতেই কেৱলমাত্ৰ উন্নয়নৰ কথা কয় যদিও অনাগত অসম বিধান সভা নিৰ্বাচতহে জনা যাব ইয়াৰ প্ৰকৃত সত্যতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here