গৌৰীপুৰতৰ এখন বিদ্যালয়ত দুমাহ ধৰি পাঠদান বন্ধ।প্ৰতিবাদত নামিল ছাত্র ছাত্রী, অভিভাৱক

    0
    128

    গৌৰীপুৰতৰ এখন বিদ্যালয়ত দুমাহ ধৰি পাঠদান বন্ধ।প্ৰতিবাদত নামিল ছাত্র ছাত্রী, অভিভাৱক

    দুৰ্নীতিৰ দৰ্পণ সেৱা , ইমৰান হুছেইন সেখ ,আলমগঞ্জ ,২ মাৰ্চ: মৌলিক অধিকাৰ শিক্ষা সাব্যস্তৰ দাবীত আজি প্ৰতিবাদত নামিব লগা হল কণ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ অভিভাৱক। অভিযোগ মতে , গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৩৪৯ নং দক্ষিণ বাইলৰা চৰ এল পি স্কুলৰ প্ৰধান শিক্ষক আফজাল হুছেইন লকডাউনৰ পাছৰে পৰা বিদ্যালয়ত অনুপস্থিত হৈ আছে । ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্র ছাত্রীৰ অভিভাৱকে জিলা উপায়ুক্ত কে ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰি আহিছে যদিও সুফল পোৱা নাই । যাৰ বাবে বিদ্যালয় খনৰ কণ কণ শিশুবোৰৰ লগতে একাংশ অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে আজি হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ আমাৰ দাবী মানিব লাগিব,আমাক পাঠদান দিয়ক,প্ৰধান শিক্ষকক শাস্তি দিয়ক আদি শ্লগানেৰে গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল পৰিবেশৰ সৃষ্টি কৰে । তেনে সময়তে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ই ঘটনা স্থলীত উপস্থিত হৈ প্ৰতিবাদী অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগতে কণ কণ শিশুবোৰক খেদি পঠিয়ায় । আৰক্ষী অধীক্ষক মিশ্ৰ‌ই প্ৰতিবাদী সকলক ৰাজপথলৈ কণ কণ শিশু প্ৰতিবাদত চামিল কৰাৰ বাবে ক্ষুন্ন হৈ পৰে । লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে অভিভাৱক সকলক বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে । লকডাউনৰ পিছত বিদ্যালয় খোলাৰ আজি প্ৰায় দুমাহ মান হল যদিও প্ৰধান শিক্ষক আফজাল হোচেন এবাৰো বিদ্যালয়ত নোযোৱাৰ অভিযোগ উত্থাপিত কৰিছে এই সকল ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে । এনেকি লকডাউনৰ পৰা আজি লৈকে দুপৰীয়াৰ আহাৰ যোগান ধৰা নাই ছাত্র ছাত্রীক। তাৰোপৰি ছাত্র ছাত্রীয়ে বঞ্চিত হৈছে ইউনিফৰ্মৰ পৰাও । উল্লেখ্য যে , বিদ্যালয়খনত ১০২ ছাত্ৰ-ছাত্ৰী বিপৰীতে আছে একমাত্ৰ প্ৰধান শিক্ষক জন । নিজ শিশুৰ ভবিষ্যত অন্ধকাৰ দেখা পাই আজি অভিভাৱক সকলে গৌৰীপুৰ শিক্ষা খণ্ড ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিভাগীয় কতৃপক্ষ্য কি ব্যাৱস্থা লয় , সেয়া সময়তে লক্ষনীয় হব ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here