গৌৰীপুৰত আজমলৰ নিৰ্বাচনী ৰণডংকা , বিজেপিৰ বিৰুদ্ধে মহা বিষ্ফোৰণ সাংসদ আজমলৰ

    0
    111

    গৌৰীপুৰত আজমলৰ নিৰ্বাচনী ৰণডংকা , বিজেপিৰ বিৰুদ্ধে মহা বিষ্ফোৰণ সাংসদ আজমলৰ
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ইমৰান হুছেইন সেখ , আলমগঞ্জ , আলমগঞ্জ , ২০ জানুৱাৰী : কালি কংগ্ৰেছৰ নেতৃত্বত গঠিত হোৱা জোটবন্ধনৰ অংশীদাৰ হোৱাৰ পাছতেই আজি ধুবুৰীত এআইইউডিএফৰ মূৰব্বী তথা সাংসদ আজমলে মহা বিষ্ফোৰণ ঘটায় । বিজেপি চৰকাক দেশৰ , সংবিধানৰ , মহিলাৰ , মছজিদৰ শত্ৰু বুলি আখ্যায়িত কৰি বদৰুদ্দিন আজমলে তেওঁৰ ভাষণত কয়- বিজেপি পুনৰ চৰকাৰ গঠন কৰিলে দেশৰ ৩৫০০ মছজিদ ধবংস কৰাৰ টাৰ্গেট লৈছে বিজেপি আৰ এছ এছে । গৌৰীপুৰ সমষ্টিৰ দুমৰদোহাত অনুষ্ঠিত নিৰ্বাচনী সভাখনত আজমলে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰা দেখা পৰিলক্ষিত হল । এআইইউডিএফৰ দখলত থকা সমষ্টিবোৰত মন্ত্ৰী হিমন্ত‌ই মুছলিম প্ৰাৰ্থী প্ৰক্ষেপ কৰি এআইইউডিএফক শলঠেকত পেলাবলৈ জাল পেলোৱাৰ অভিযোগ তুলি আজমলে ভোটাৰ সকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় , অসমত পুনৰ বিজেপি শাসনত আহিলে বিজেপিয়ে বৰ্খা , টুপী , আজান বন্ধ কৰিব বুলি সাংসদ আজমলে বিষ্ফোৰক মন্তব্য কৰে । আনহাতে , স্বাস্থ্য মন্ত্ৰী হিমন্ত শৰ্মা‌ই আজমলে কৰা সমাজ সেৱাৰ ভাল কাম চকুৰে দেখা পোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীক এখন ভাল নেত্ৰালয়ত গৈ চকু পৰীক্ষা কৰাই ভাল চশমা এখন লগাবলৈ পৰামৰ্শ দিয়ে। তদুপৰি হিমন্ত‌ই ৬৫/৩৫ বুলি কৈ ফুৰা কথাৰ আত ধৰি আজমলে কয় , এতিয়া আমি বুজি পাইছো , হিমন্ত‌ই হিন্দু-মুছলিমৰ কথা কৈ থকা নাই । আজমলে কয় , এতিয়া আমি সংখ্যা গৰিষ্ঠহৈছো আৰু হিমন্ত‌ই সংখ্যালঘুৰ অংশীদাৰ হব লগা হল । অৰ্থাৎ হিমন্তৰ বিজেপিয়ে ৩৫ আসনতে সীমাবদ্ধ থাকিব লগীয়া হৈছে বুলি আজমলে মন্তব্য কৰছ । আগন্তুক নিৰ্বাচনত বিজেপিয়ে ৩৫ খন আসনতে সীমাবদ্ধ থাকিব বুলি মন্তব্য কৰি জোটবন্ধনৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ গঠনৰ দাবী কৰে সাংসদ আজমলে । কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হলে হিমন্ত‌ই কান্দি কান্দি চকু পানীৰে এটা বাল্টি ভৰাই বদৰুদ্দিন বদৰুদ্দিন বদৰুদ্দিন বদৰুদ্দিন বুলি হুমুনিয়াব আৰু তুমি মোক শেষ কৰিলা বুলি চিঞৰি থাকিব । এনেদৰে মন্ত্ৰী গৰাকীক কটাক্ষ কৰি আজমলে এটা কেন্দ্ৰীয় নিউজ চেনেলে কৰা সমীক্ষাক নস্যাৎ কৰি কয় , এইবোৰ বিজেপিৰ মেকিং । আজি দুপৰীয়া ১২ বজাত আৰম্ভ হোৱা এআইইউডিএফৰ বিশাল নিৰ্বাচনী সভাখনত জোনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে তেওঁৰ ভাষণত কয়,অসমত বিভিন্ন জাতি জন গোষ্ঠীৰ মাজত থকা সাতাম পূৰুষীয়া ঐক্য সম্প্ৰতি বিনষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিত্ত আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা চলাই গৈছে বুলি অভিযোগ উত্থাপিত কৰে । সংবিধানৰ শপত বাক্য পাঠ কৰি অসমৰ প্ৰভাৱ শালী মন্ত্ৰী শৰ্মাই বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰাৰ কথা উল্লেখ কৰি বিধায়ক ইছলামে আৰু কয় , অসমৰ ৰাইজে এতিয়া সকলো বুজি পাইছে , মন্ত্ৰীৰ কথাত ৰাইজ পতিয়ন নাযায়।সভাখনত ধুবুৰীৰ বিধায়ক নজৰুল হকে বিজেপিক মিছলীয়াৰ দল বুলি মন্তব্য কৰি কয় যে- স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱাৰ পৰা আৰম্ভ কৰি নিশা ১১ বজালৈকে মিছা কথা কয় । আনহাতে , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা‌ই অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকি কৰিয়াই অনাৰ অভিযোগ তুলি হিমন্তক প্ৰতিহত কৰাৰ বাবে ৰাইজক ঐক্যবদ্ধ হবলৈ বিধায়ক নজৰুলে আহ্বান জনায় । হিমন্ত বিশ্ব শৰ্মা‌ই বিচৰা ধৰণে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে সংঘাত বিচৰা নাই ইয়াৰ পৰিবৰ্তে সমন্ধয় বিচৰা বুলি মন্তব্য কৰে বিধায়ক হকে। সভাখনত জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবুদ্দিন আহমেদ আৰু গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানে ভাষণ দিয়ে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here