গ্ৰাণ্ট থৰ্ণটনৰ সহযোগত বৰপেটা,বজালীত উদ্যোগ সন্থা গঠনাৰ্থে সাধাৰণ সভা

    0
    96

    গ্ৰাণ্ট থৰ্ণটনৰ সহযোগত বৰপেটা,বজালীত উদ্যোগ সন্থা গঠনাৰ্থে সাধাৰণ সভা

    প্ৰতিবেদক মনজিৎ দাস হাউলী ,২৪ ফেব্ৰুৱাৰী : চহৰ আৰু গ্ৰামাঞ্চলত গঠিত উদ্যোগ সমূহক উদ্যোগৰ বাট টনকিয়াল কৰাৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে গ্ৰাণ্ট থৰ্ণটন ভাৰত এল এল পিয়ে । অসম চৰকাৰৰ ‘এপাৰ্ট ‘নামৰ অভিলাষী আচনিৰ অধীনত নিবনুৱা সমস্যা সমাধানৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে গঢ়ি উঠিছে বহুতো ক্ষুদ্ৰ উদ্যোগ । ধান বনা, সৰিয়হৰ তেল, অাচাৰ, পশুপালন, মৎস্য, দুগ্ধ আদিৰ উদ্যোগ গঢ়ি তুলি কেনেকৈ কৰ্মসংস্থাপন তথা আত্ম নিৰ্ভৰশীল হব পাৰি আৰু উদ্যোগ সন্থা গঠনাৰ্থে যোৱা ২৩ ফেব্ৰুৱাৰীত পাঠশালাৰ আজাদ ভৱনত সাধাৰণ সভা অনুষ্ঠিত হয় । বৰপেটা জিলা উদ্যোগ আৰু বানিজ্যৰ কাৰ্যবাহী পৰিচালক উত্তম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে এপাৰ্ট আচনিৰ ক্লাষ্টাৰ টিম লিডাৰ ৰাতুল কুমাৰ দাসে । সভাত ডি আই চিৰ সহকাৰী সঞ্চালক চিচিৰ ভট্ৰ ,গ্ৰাণ্ট থৰ্ণটনৰ বিষয়া পংকজ বেজবৰুৱা, হেমন্ত ৰাভা, জিলাৰ খনত বিভিন্ন বিভাগৰ পৰা হেমন্ত বৰ্মন, আৰ ইছলাম,পশু চিকিৎসা বিভাগৰ ড কিৰণ কুমাৰ তালুকদাৰ, বৰপেটা সমবায় সমিতিৰ উপ পঞ্জীয়ক এ ৰহমান, সমল ব্যক্তি সঞ্জয় পাটোৱাৰী, পংকজ আগৰৱাল, দিপাংকৰ শৰ্মা, দুগ্ধ বিভাগৰ দ্বিজেন বৰ্মন আদি কৰি কেবাগৰাকী দক্ষ বিষয়াই উদ্যোগ কেনেকৈ চৰকাৰী সহযোগত গঢ়ি তুলিব পাৰি তাৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন তাৰ ওপৰত বিষদ বিৱৰণ আগবঢ়াই। সভাৰ সভাপতি ডি আই চিৰ কাৰ্যবাহী পৰিচালক উত্তম শইকীয়াই কৃষক সকলে একগোট হৈ কাম কৰিলে বহু কামেই কৰিব পাৰে বুলি মন্তব্য আগবঢ়ায় । আনকি যি খেতিয়েই নকৰক কিয় ভালকৈ কৰিলে চাকৰিৰ প্ৰয়োজন নাই বুলিও কয় । সভাত উদ্যোগ সন্থাৰ কাৰ্যকৰী কমিটি খন গঠন কৰা হয় । অন্তত শলাগৰ শৰাই আগবঢ়াই এপাৰ্ট আচনিৰ ক্লাষ্টাৰ টিম লিডাৰ ৰাতুল কুমাৰ দাসে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here