চিলাৰায় দিৱসত মহান অসমীয়া জাতীয় বীৰ জনাক শ্ৰদ্ধাৰে সুঁৱৰিলে আমিনগাওঁত

    0
    63


    বিশ্ব বীৰ চিলাৰায়ৰ ৫১২ বাৰ্ষিক জন্ম জয়ন্তী উদযাপন ,চিলাৰায় দিৱসত মহান অসমীয়া জাতীয় বীৰ জনাক শ্ৰদ্ধাৰে সুঁৱৰিলে আমিনগাওঁত
    পঙ্কজ নাথ, চাংসাৰি, ২৭ ফেব্ৰুৱাৰী : আজি বিশ্ব বীৰ চিলাৰায় ৫১২ বাৰ্ষিক জন্ম জয়ন্তী ”চিলাৰায় দিৱস”ত মহান অসমীয়া বীৰ জনাক শ্ৰদ্ধাৰে সুঁৱৰিলে অসমীয়া জাতিয়ে । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ জিলাৰ আমিনগাঁৱতো চিলাৰায় উদ্যানত কামৰূপ প্ৰশাসন আৰু কোচ ৰাজবংশীয় সংগঠনে দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰে। ৰাতিপূৱা আমিনগাঁৱৰ চিলাৰায় উদ্যানৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰি চিলাৰায়ৰ সৌৰ্য বিৰ্য্য ৰোমন্থন কৰে। আজি অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠানত যশস্বী কণ্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা, ৰাজবংশীয় সংগঠনৰ কৰ্মকৰ্তা আৰু কোচ ৰাজবংশী সন্মিলনীৰ বিষয় ববীয়া সকল উপস্থিত থাকে । চিলাৰায় দিবসৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমনি চৌধুৰীৰ তত্বাৱধানত বৰগীতৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য, গীতৰে উজ্জীবিত হল আমিনগাঁৱৰ চিলাৰায় উদ্যান।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here