চিৰাঙৰ বিজনীৰ লাওক্ৰীগুৰীত SSB আৰু বন বিভাগৰ যৌথ অভিযান , বাঘৰ ছালসহ সহজ উদ্দিন(22) নামৰ এজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ , লাওক্ৰীগুৰীৰ নিজ বাস গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰী জনক

0
800
চিৰাঙৰ বিজনীৰ লাওক্ৰীগুৰীত SSB আৰু বন বিভাগৰ যৌথ অভিযান , বাঘৰ ছালসহ সহজ উদ্দিন(22) নামৰ এজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ , লাওক্ৰীগুৰীৰ নিজ বাস গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰী জনক
দুৰ্নীতিৰ  দৰ্পণ সেৱা ,পাণবাৰী পৰা ৰুহুল আমিন , ১৭ অক্টোবৰঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী লাওক্ৰীগুৰীত SSB ৰ 15 নং বেটেলিয়ান আৰু বন বিভাগৰ  বৰপথাৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ বন কৰ্মীৰ যৌথ অভিযান। অভিযানত বাঘৰ ছালসহ সহজ উদ্দিন নামৰ(22) এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এক বিশেষ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে পুৱা পাঁচ বজাত অতৰ্কিতে অভিযান চলাই নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে চোৰাং চিকৰীটোক। বন বিভাগৰ লোকে গোদা ফুটুকী বাঘৰ ছাল বুলি সন্দেহ প্ৰকাশ কৰিছে জব্দকৃত ছালখনক। পিছত বন বিভাগৰ লোকে চিকাৰীটোক কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত কভিড টেষ্ট কৰাৰ বাবে লৈ যোৱা হয় বুলি জানিব দিয়ে।