চৰ অঞ্চলত দেৱানী ৰাজ

    0
    110

    চৰ অঞ্চলত দেৱানী ৰাজ
    আব্দুল হামিদ
    বিজ্ঞান আৰু প্ৰযুক্তি-বিদ্যাৰ চৰম উন্নতি ঘটা সময়তো চৰাঞ্চল বোৰত দেৱানী ৰাজৰ সামন্তযুগীয় শাসন ব্যাৱস্থাৰ প্ৰচলন আছে । ফাৰ্চী শব্দ”দিৱানী”ৰ(অৰ্থ ৰাজস্ব বিভাগ)অপভ্ৰুংশৰূপ’অসমীয়া’ “দেৱানী” শব্দটোৰ অলিখিত অৰ্থ হল — ক্ষমতাশালী ব্যাক্তি । দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বৰ পৰা আজিলৈকে চৰাঞ্চলৰ ৰাইজ দেৱানী ৰাজত্বৰ কবলত বন্দী । অবশ্যে দেৱানী সকলৰ ক্ষমতাৰ জৌলুস এতিয়া আগৰ দৰে নাই । চৰ-চাপৰিত এটা বা ততোধিক চুবুৰীক লৈ একোখনকৈ সমাজ গঠন হয় । এই সমাজ বিলাক পৰিচালনা কৰে একো একোজন দেৱানী- মাতব্বৰ সকলে । চৰবাসী ৰাইজৰ মাজত ঘটা কাজিয়া-বিবাদ আদি মীমাংসা কৰাৰ নিৰ্ণয়ক ভূমিকা পালন কৰে এই দেৱানী সকলে। চৰ অঞ্চলত দেৱানী সকল যথেষ্ট ক্ষমতাশালী আৰু সন্মানৰ পাত্ৰ বুলি বিবেচিত । এই দেৱানী বোৰেই কম-বেছি পৰিমানে চৰাঞ্চলৰ সমাজ ব্যাৱস্থাক নিয়ন্ত্ৰন কৰে । সমাজত সংগঠিত অন্যায় , অত্যাচাৰ ,অবিচাৰ , অ-কাৰ্য ,কু-কাৰ্য, মাৰা-মাৰি ,কটা-কটি ,সাংসাৰিক কাজীয়া-পেচালৰ উপৰি মাটি সংক্ৰান্তীয় আদি কৰি যাৱতীয় সমস্যা সমাধানৰ বাবে চৰাঞ্চলৰ লোকে নিজৰ নিজৰ সমাজৰ দেৱানীক শালীচ-বিচাৰ বা আৰ্জি জনায়।সমাজৰ দেৱানী সকলে দুয়ো পক্ষৰ বিচাৰৰ বাবে এটা দিন ধাৰ্য কৰি দুয়ো পক্ষক জনাই দিয়ে।দেৱানীৰ অনুমতি নোলোৱাকৈ কোনো পক্ষই আৰক্ষী থানাত কোনো মামলা-মোৰ্কদমা কৰিব নোৱাৰিব । এক কথাত দেৱানী সকলোৱেই চৰ অঞ্চলৰ সমাজ ব্যাবস্থাত সৰ্বেসৰ্বা । গৰীব-দুখীয়া আৰু মহিলা সকলে সাধাৰণতে দেৱানীৰ আসন নাপায় । চৰাঞ্চলৰ সমাজ ব্যাৱস্থা সুস্থ ভাবে চলাই নিয়া আৰু চৰবাসীৰ সৰ্বাংগীন উন্নতিৰ চিন্তা কৰাৰ উদ্দেশ্যেই দেৱানী পতা হয় । আজি-কালি চৰাঞ্চলত একাংশ স্বয়ম্ভু দেৱানীৰ আসন দাবী কৰা এচাম ভণ্ড লোকে দেৱানীগিৰী নিজৰ পেছা হিচাপে লৈ অৰ্থৰ লোভত স্বাৰ্থপৰ , শোষণকাৰী ,অবিচাৰ আৰু সমাজ বিৰোধী কাম কৰি নিৰীহ লোকক অযথা হাৰাশাস্তি কৰা দেখা যায় । কোনো বিচাৰ-মেল বহিলে দেৱানীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি মানি লব লাগে । কাজিয়া-পেচালত জড়িত দুয়োপক্ষই এনে দেৱানীৰ দলক অগ্ৰিম ধন আদায় দিব লাগে কাৰন দেৱানীক ধন দিয়া মানেই বিচাৰ-মেলত জয় হোৱা আৰু ধন নিদিয়া মানে পৰাজয় বা ভূল স্বীকাৰ কৰাটো বৰ্তমান চৰ অঞ্চলৰ সমাজত চিৰা-চৰিত নিয়ম হৈ পৰিছে । অৰ্থ লোভী , নীতি ভ্ৰষ্ট দেৱানী সকলে চৰাঞ্চলৰ সমাজৰ ভূল-অপৰাধ বোৰৰ ওজন টকাৰে জোখা আৰাম্ভ কৰিছে । বিচাৰ প্ৰক্ৰিয়াত দেৱানী সকলে আচামী ফৰিয়াদী দুয়ো পক্ষক চুক্তিত আৱদ্ধ কৰি লয় । এনেধৰে দুয়োপক্ষক চুক্তিত আৱদ্ধ কৰাক চৰৰ ভাষাত “মুচুৰকা” বুলি কোৱা হয় । মুচুৰকাত হাৰি যোৱা পক্ষৰ টকা খিনি দেৱানী সকলে ভগাই খায় । নগদ টকা আদায় দিব নোৱাৰা জনৰ গোহালীৰ গৰু-মহ , ভৰাঁলৰ ধান , সোণ-ৰূপৰ অলংকাৰ , খেতিমাটি আদি বিক্ৰী বা বন্দোকত থৈ টকা লোৱাৰ বহুতো জলন্ত উদাহৰণ আছে । বৰ্তমান সমাজ ব্যাৱস্থাত দেৱানী সকলৰ এনে কাৰ্য আৰু দপ-দপনিত দুখীয়া গৰীব শ্ৰেণীটোৱে শংকিত আৰু অশান্তিত জীৱন-যাপন কৰি আছে । এনে দেৱানী সকলৰ পালিত গুণ্ডা বাহিনীক চৰ অঞ্চলৰ ভাষাত “নাইটাল” বুলি কোৱা হয় । দেৱানীৰ কথা বা আদেশ-নিৰ্দেশ অমান্য কৰিলে নাইটালৰ হাতত অপদস্ত হব লাগে । দেৱানীৰ মন জয় কৰিবলৈ সমাজৰ দৰিদ্ৰ লোকে বিনা মুজুৰীত কাম কৰি দিয়া দেখা যায় । গণতন্ত্ৰ ৰাষ্ট্ৰ এখনত নাগৰিকৰ অধিকাৰ খৰ্ব কৰি সমাজৰ চহকী শ্ৰেণীটোৱে দেৱানী ৰাজৰ সামন্তযুগীয় শাসন ব্যাৱস্থা প্ৰৱৰ্তাই ৰাখিছে । চৰ এলেকাত দেৱানীৰ কথাই আইন । চৰ অঞ্চলৰ সমাজত এনে দেৱানী ৰাজৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে হাত উজান দি আহিছে । আৰক্ষীয়ে সাধাৰণ লোকৰ বিপৰীতে দেৱানী সকলক গুৰুত্ব দিয়ে । থানাত কোনো গোচৰ বা এজাহাৰ হলে আৰক্ষীয়ে পোনে পোনে দেৱানীৰ ওচৰত যায় বা দেৱানীক থানাত মাতি নি গোচৰটোৰ দ্ধায়িত্ব দিয়ে । আচামী পক্ষই বাধ্যহৈ দেৱানীৰ ওচৰত আত্মসৰ্মপন কৰে আৰু গোচৰটো মীমাংসা কৰাৰ বাবে নিজৰ মাটি ,গৰু-মহ, ছাগলী-ভেড়া , হাহঁ-কুকুৰা আদি বিক্ৰী কৰি দেৱানীৰ জৰিয়তে থানাত উপস্থিত হয় । চৰ অঞ্চলত আৰক্ষীয়ে “দেৱানী জাল” পাতি সামান্ব গোচৰত মোটা অংকৰ ধনৰ লগতে একাংশ দাঘী অপৰাধীক এৰি দিয়া দেখা য়ায় । চৰাঞ্চলৰ সৰহ সংখ্যক লোক নিৰক্ষৰ আৰু সহজ-সৰল হোৱাত পুলিচক ভয় কৰে । ফলত দেৱানী সকলে পুলিচৰ লগত মিতিৰালী কৰি হোজা চৰবাসী ৰাইজক লুটি-পুটি খায় । চৰৰ ৯৫শতাংশ লোক কৃষিৰ লগত জৰিত । চৰৰ মাটি অস্থায়ী । আজি আছে কাইলৈ নাই । চৰত এটি ফকৰাৰ প্ৰচলন আছে–হিন্দু লোকেৰ দাড়ি,চইৰা লোকেৰ বাড়ী । অৰ্থাৎ–হিন্দু মানুহৰ মুখৰ দাড়িৰ অস্তিত্ব যিদৰে ক্ষণস্থায়ী ,চৰৰ মানুহৰ ঘৰ-বাড়ীৰঅস্তিত্ব তেনে ক্ষণস্থায়ী । আগবেলা এই চৰ পিছ বেলা সেই চৰ । চৰৰ অধিকাংশ মাটিৰ পট্ৰা নাই । ভৌগলিক নক্সাওঁ নাই । প্ৰত্যেক বছৰতে হোৱা বানপানীৰ পিছত ব্ৰক্ষ্মপুত্ৰৰ বুকুত নতুন নতন চৰৰ সৃষ্টি হয় । এই নৱজাত চৰ যদি পইল মাটি(পলসুৱা)মাটিৰ চৰ হয় , তেতিয়াই দখলদাৰীৰ প্ৰতিযোগীতা । ফলত সংঘটিত হয় দেৱানী সকলৰ নাইটালৰ দন্দ্ব । পূৰ্বৰে পৰা আজিলৈকে চৰৰ মাটিলৈ কাজিয়া চলি আছে । চৰ অঞ্চলত দেৱানীৰাজৰ শোষণ চলি থকাত চৰবাসী ক্ৰমশ: পশ্চাদ পদত গতি কৰিছে । দেৱানীৰাজৰ পৰা মুক্ত হবলৈ হলে সকলোৱে সচেতন হৱ লাগিব । সুকীয়া আইন প্ৰণয়ণ কৰি চৰবাসী ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিৱ ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here