ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৰপেটাৰ এম চি কলেজত বৃহৎ কেলেংকাৰী , ২৯১ গৰাকী ভুৱা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১.৮৮ কোটি টকা সৰকাই নিয়াৰ ফন্দি ফাদিল

0
144

ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৰপেটাৰ এম চি কলেজত বৃহৎ কেলেংকাৰী , ২৯১ গৰাকী ভুৱা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১.৮৮ কোটি টকা সৰকাই নিয়াৰ ফন্দি ফাদিল

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , মনজিৎ দাস , হাউলী , বৰপেটা , ১৩ ফেব্ৰুৱাৰী : সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত ৰাজ্যত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ পাছত এইবাৰ আন এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত ৷ ছাত্ৰ-ছাত্ৰীৰ নথি-পত্ৰ জালিয়াতিৰে জলপানিৰ ধন সৰকাই নিয়াৰ এক ভয়ঙ্কৰ পৰিকল্পনাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে ৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত অধ্যয়নৰত কিয়দাংশ শিক্ষাৰ্থীৰ ৰোল নম্বৰ ব্যৱহাৰেৰে সংঘটিত হৈছে জলপানিৰ ধন আত্মসাতৰ পৰিকল্পনাৰ ঘটনা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে কলেজ কৰ্তৃপক্ষই ৷ উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৪ লাখ ৫০ হেজাৰ টকাৰ তলৰ বাৰ্ষিক আয়ৰ ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী যিকোনো পাঠ্যক্ৰমত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ঈষান-উদয় আঁচনিৰ জৰিয়তে জলপানি প্ৰদান কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ বিশ্ববিদ্যালয় অনুদান আয়োগে এইসকল ছাত্ৰ-ছাত্ৰীক প্ৰতি মাহে ৫৪০০ টকাকৈ বছৰি মুঠ ৬৪৮০০ টকাৰ জলপানি প্ৰদান কৰে ৷ লক্ষ্যণীয়ভাৱে উক্ত জলপানিৰ নামত প্ৰদান কৰি অহা বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ উদ্দেশ্যে এক গোপন পৰিকল্পনা যুগুত কৰে বৰপেটাৰ এক দুষ্ট চক্ৰই ৷ পৰিকল্পনা অনুসৰি বৰপেটাৰ এম চি কলেজৰ স্নাতক শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি নথি-পত্ৰ জালিয়াতিৰে ২৯৩ গৰাকী ভুৱা শিক্ষাৰ্থীৰ নামত জনপানি বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনোৱা হয় ৷ এইক্ষেত্ৰত পৰীক্ষাৰ নম্বৰ তালিকা জালিয়াতি কৰি বেংক একাউণ্ট থকা একাংশ লোকক এম চি কলেজৰ ছাত্ৰ-ছাত্ৰী সজোৱা হয় ৷ যথা সময়ত বিভাগীয় কৰ্তৃপক্ষই আবেদনকাৰীৰ নথি-পত্ৰসমূহৰ সত্যতা নিৰূপণৰ বাবে কলেজ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ কলেজ কৰ্তৃপক্ষই নথি-পত্ৰসমূহৰ সত্যতা নিৰূপণ কৰিবলৈ লওঁতেই কেলেংকাৰীৰ সমস্ত তথ্য পোহৰলৈ আহে ৷ উল্লেখ্য যে জলপানিৰ বাবে অনলাইনযোগে আবেদন পত্ৰ দাখিলৰ সময়ত ডিজিটেল স্বাক্ষৰসহ কলেজৰ অধ্যক্ষৰ অনুমোদন বাধ্যতামূলক ৷ আনহাতে নথি-পত্ৰৰ সত্যতা নিৰূপণৰ কামখিনিও অনলাইনযোগে সম্পন্ন কৰিব লাগে ৷ ওপৰোক্ত দুয়োটা পৰ্যায়ৰ কাম কলেজ কৰ্তৃপক্ষই অ’ টি পি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিহে সম্পন্ন কৰাটো সম্ভৱপৰ ৷ ৰহস্যজনকভাৱে এই দুয়োটা পৰ্যায়ৰ কামখিনিও সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হয় দুষ্ট চক্ৰটোৱে ৷ তাৎপৰ্য্যপূৰ্ণভাৱে এম চি কলেজৰ দায়িত্ববাহী কৰ্মচাৰীৰ বাহিৰে আন কোনো লোকেই অ’ টি পি আৰু পাছৱৰ্ড লাভ কৰাটো সম্ভৱ নহয় ৷ সেই দিশৰ পৰা জলপানি আবেদনৰ কামৰ লগত জড়িত কলেজখনৰ কৰ্মচাৰী ৰতন হাজৰিকাক কেলেংকাৰীৰ অন্যতম খলনায়ক বুলি সন্দেহ কৰা হৈছে ৷ দুষ্ট চক্ৰৰ পৰিকল্পনাত আউল লগাই ২৯১ গৰাকী ভুৱা শিক্ষাৰ্থীৰ বিপৰীতে ১ কোটি ৮৮ লাখ ৫৬ হেজাৰ ৮ শ টকা জলপানিৰ ধন সৰকাই নিয়াৰ অসৎ পৰিকল্পনা ফাদিল হৈ পৰাত কলেজখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here