জকাইত লাহোৱাল প্ৰেছ ক্লাৱৰ “গাঁৱলৈ যাও বলক কাৰ্যসূচী” ,পশু পালন ও পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত কাৰিকৰী বিষয়া জয়ৰাম সোনোৱালক আনুষ্ঠানিক সম্বৰ্ধনা

0
136

জকাইত লাহোৱাল প্ৰেছ ক্লাৱৰ “গাঁৱলৈ যাও বলক কাৰ্যসূচী” ,পশু পালন ও পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত কাৰিকৰী বিষয়া জয়ৰাম সোনোৱালক আনুষ্ঠানিক সম্বৰ্ধনা

ধনটি শইকীয়া ,বৰবৰুৱা , ৭ ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু মৰান সমষ্টিৰ সীমা মৰীয়া জকাই বনকৈৰ্বত্ত ২৭ ঘৰীযা গাঁৱত আজি লাহোৱাল প্ৰেছক্লাৱৰ উদ্যোগত ” গাৱলৈ যাও বলক শীৰ্ষক কাৰ্যসূচীটো অনুষ্ঠিত হৈ যায় । সভাত জকাই ২৭ঘৰীয়া, ৯ঘৰীয়া, ১০ ঘৰীয়া আৰু ২৬ ঘৰীয়া বনকৈৰ্বত্ত গাঁৱৰ এশ একুৰি জলন্ত সমস্যা ওপৰত ৰাইজৰ লগত মত বিনিময় সম্পৰ্কে হোৱা সভাত লাহোৱাল প্ৰেছক্লাৱৰ সভাপতি মুক্তামণি হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আতঁধৰে প্ৰেছক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষীন্দৰ কুৰ্মীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাৱৰ কাৰ্যনিৰ্বাহক সদস্য ধনটি শইকীয়াই । অনুষ্ঠানৰ আৰম্ভণিতে জকাই ২৭ঘৰীয়া বনকৈৰ্ৱত্ত গাঁৱৰ “মাধৱ কলাকেন্দ্ৰৰ”- নিৰলা দাসৰ নেতৃত্বৰ শিল্পী দলে দিহানাম পৰিৱেশন কৰি সভাৰ পৰিৱেশটো ভক্তি ভাব যোগাই । সভাত স্থানীয় গাওঁবুঢ়া তথা সচেতন ব্যক্তি মহেশ্বৰ তামুলীয়ে ১৯৫০ চনৰ বৰ ভূমিকম্পৰ ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ তথা বানপানীৰ সমস্যাত জুৰুলা হোৱা জকাই বনকৈৰ্বত্ত গাওঁ কেইখনে ১৯৫৭ চনত সেই সময়ৰ অসমত কংগ্ৰেছ চৰকাৰৰ শাসন আছিল আৰু সেই সমযত তদানীন্তন বনমন্ত্ৰী ৰামনাথ দাসে দুৰ্যোগত জৰ্জৰিত সকলক সংস্থাপন কৰিছিল যদিও জকাইৰ বনকৈবৰ্ত্ত চাৰিখন গাঁৱৰ জনসাধাৰণে ভূমিৰ অধিকাৰ’ ম্যাদী পট্টা, খোৱা পানী সমস্যা, কৃষি ক্ষেত্ৰৰ উন্নয়ন, শিক্ষাৰ উত্তৰণ, নহল বুলি গুৰুতৰ অভিযোগ প্ৰকাশ কৰে । স্থানীয় গাওঁবুঢ়া মহেশ্বৰ তামুলীয়ে কয যে লাহোৱাল প্ৰেছক্লাৱৰ– “গাৱলৈ যাও বলক” কাৰ্যসূচীত জকাই বনগাও আৰু বনকৈবৰ্ত্ত গাওঁ সমূহক চৰকাৰী ভাৱে ১২ বিঘাকৈ মাটি আৱন্টন দিছিল যদিও চৰকাৰী ভাৱে আজিলৈকে আবন্টন তথা ম্যাদী পট্টা নিদিয়াৰ ফলত বনগাওঁ বোৰৰ শিক্ষিত নিৱনুৱাই বেংকৰ পৰা ঋণ নোপোৱাৰ বাবে চৰকাৰী ভাৱে পাবলগীয়া ব্যক্তিগত তথা ৰাজহুৱা আচঁনি সা-সুবিধা শিক্ষাৰ্থীয়ে পাবলগীয়া শৈক্ষিক সাহাৰ্য আৰু অন্যান্য চৰকাৰী বহু আচনিৰ পৰা বঞ্চিত হৈ অহা বুলি আক্ষেপ প্ৰকাশ কৰে । সভাত জকাই প্ৰভাৱ গোষ্ঠীৰ সম্পাদক ৰাজু ভৰালীয়ে জকাই বুঢ়ীদিহিং নদীৰ এৰাসুতিঁত পৰ্যটকৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা উক্ত এৰাসুতিঁত নিৱনুৱাক মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বীতা কৰাৰ সন্দৰ্ভত আচঁনি গ্ৰহন, জকাই বনগাঁও সমূহৰ সৰ্বাঙ্গীণ উন্নয়ন, ডিব্ৰুগড় বনসংমণ্ডলৰ অধীনৰ জকাই সংৰক্ষিত বনাঞ্চলত চলি থকা বে-দখল মুক্ত কৰাৰ লগতে জকাই বনাঞ্চল খনৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো চৰকাৰী ভাৱে পদক্ষেপ গ্ৰহন নকৰাৰ কথা গভীৰ উদ্বেগ প্ৰকাশ কৰে । অনুষ্ঠানত স্থানীয় ৰাইজে জকাই বনাঞ্চলখন ধ্বংস যজ্ঞ কৰাত স্বয়ং বন বিভাগৰ বিষয়া জড়িত বুলি উল্লেখ কৰি বনাঞ্চল খনত আজি পৰ্যন্ত চাৰীবেৰা ব্যৱস্থা নকৰি বনৰীয়া মহৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো ক্ষতিপূৰণ তথা বনৰীয়া মহৰ উপদ্ৰৱত খেতিপথাৰ সুৰক্ষিত কৰাত বৰ্তমান পৰ্যন্ত চৰকাৰী ভাৱে পদক্ষেপ গ্ৰহন নকৰাৰ কথা ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰে । সভাত লাহোৱাল প্ৰেছক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম আদিত্য কাকতৰ বাৰ্তা সম্পাদক ভূষণজ্যোতি সন্দিকৈয়ে আজিপৰ্যন্ত অসম চৰকাৰ তৰফৰ পৰা জকাই বনকৈৱৰ্ত গাঁৱৰ দুৰ্গত কৃষিজীৱী জনসাধাৰণে ভূমিৰ অধিকাৰ আৰু ভূমিপট্টা ‘ কৃষিৰ উন্নয়ন ‘ বনৰীয়া মহৰ উপদ্ৰৱৰ বনগাও সমূহৰ খেতিপথাৰ সুৰক্ষিত কৰিব নোৱাৰাটো দুভাগ্যজনক বুলি নিজৰ বক্তৱ্য আগবঢ়ায় । এই সভাতেই লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ডিব্ৰুগড় জিলাৰ পশু পালন ও পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত কাৰিকৰী বিষয়া জয়ৰাম সোনোৱালক এখনি সোনোৱালী, আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনায় । অনুষ্ঠানত লাহোৱাল প্ৰেছক্লাৱৰ উপদেষ্টা কনৌজ শইকীয়া ,কাৰ্যকৰী সভাপতি তথা প্ৰাগ নিউজৰ সাংবাদিক হোমেন ফুকন, সমাজসেৱক ঘনকান্ত দাস, প্ৰকৃতি প্ৰেমী ভূষণ দাসে উপস্থিত হৈ নিজৰ নিজৰ বক্তৱ্য আগবঢ়াই । অনুষ্ঠানত অঞ্চলৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here