জনিয়াৰ হালধীয়া গাওঁ পঞ্চায়ত ভিত্তিত এআইইউডিএফৰ কৰ্মী সভা

    0
    90

    জনিয়াৰ হালধীয়া গাওঁ পঞ্চায়ত ভিত্তিত এআইইউডিএফৰ কৰ্মী সভা

    প্ৰতিবেদক মনজিৎ দাস হাউলী , ২১ ফেব্ৰুৱাৰীঃ আগন্তক বিধান সভাৰ দিন ক্ৰমাৎ চমু চাপি অহাত বিভিন্ন ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ স্থিতি সবল কৰা পৰিলক্ষিৎ হৈছে। এই ক্ষেত্ৰত কোনো গুনে পিছ পৰি থকা নাই এআইইউডিএফ দলেও । বৰপেটা জিলাৰ ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হালধীয়া গাওঁ পঞ্চায়ত ভিত্তিত এআইইউডিএফৰ এখন কৰ্মী সভা অনুষ্ঠিত হৈ যায় । দলীয় সভাপতি শ্বাহজামালৰ সভাপতিত্বত খৰিচালা বজাৰ প্ৰাংগনত অনুষ্ঠিত এআইইউডিএফৰ কৰ্মী সভা ক্ৰমে জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম,জনীয়া সমষ্টি কমিটিৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইন, বৰপেটা জিলা কমিটিৰ সাংগঠনিক সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন, জনীয়া সমষ্টি কমিটিৰ সাংগঠনিক সম্পাদক আৰমান আলী , দলটোৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ঠাকুৰ চন্দ্ৰ মেধি আদি কৰি দলৰ বহুতো নেতা-কৰ্মীয়ে উপস্থিত থাকে । উল্লেখ্য যে,এই সভাত দলটোৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ঠাকুৰ চন্দ্ৰ মেধিয়ে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে,ৰামে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল । য’ত সকলো মানুহে শান্তিৰে বাস কৰিব পাৰে , প্ৰত্যেকজন মানুহে ৰজাৰ ওচৰত যাব পাৰে , তেখেতসকলৰ সমস্যা লৈ ৰজাৰ ওচৰত যাব পাৰে । কিন্তু ৰামৰ কথা কোৱা হৈছে ,অথচ ৰামৰ দেশত যি প্ৰজাৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে,অৰ্থনৈতিক অত্যাচাৰেই হওঁক,ই-সামাজিক অত্যাচাৰেই হওঁক , বিভিন্ন ধৰণে আজি অত্যাচাৰ আৰম্ভ হৈছে । ইপিনে , জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে নিজৰ ভাষণত কয় যে,জনিয়াৰ সমস্যা কমেই,আমাৰ এই সমস্যা কোৱাৰ কাৰণে এই নতুন নতুন দলে আমাক সাম্প্ৰদায়িক কৈ আছে । ভেঞ্চাৰ স্কুলৰ কথা কলে যদি সাম্প্ৰদায়িক হয় , নদী ভাঙা মানুহক মাটি দিবলৈ কলে যদি সাম্প্ৰদায়িক হয়,ডি-ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে,আপোনালোকে দেখিছে চুপ্ৰিম কোৰ্টত গৈ,চুপ্ৰিম কোৰ্টৰ বাৰান্দাৰ পৰা খবৰ দিছো যে , ৪৮ লাখ মা-ভনীৰ পঞ্চায়তৰ কেচত আজমল চাহাবে জয়ী হৈছিল । এইবিলাক কাম কৰাৰ কাৰণে যদি আমি সাম্প্ৰদায়িক তেতিয়া হলে একশ বাৰ আমি এইবিলাক কাম কৰিম বুলি মন্তব্য কৰে । স্মৰ্তব্য যে,উক্ত সভাত বিভিন্ন দল-সংগঠণৰ প্ৰায় ডেৰ শতাধিক লোকে এআইইউডিএফ দলৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু তেওঁলোকক দলৰ নেতৃবৰ্গই উষ্ম আদৰণি জনায় ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here