জামুগুৰিহাটত আৰক্ষীৰ যোগ্যতা নিৰূপক পৰীক্ষা সম্পন্ন

0
727
জামুগুৰিহাটত আৰক্ষীৰ যোগ্যতা নিৰূপক পৰীক্ষা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৭ অক্টোৱৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যালয়ত আজি অসম আৰক্ষীৰ এচ আই পদৱীধাৰী কৰ্মচাৰী সকলৰ যোগ্যতা নিৰূপক পৰীক্ষা সমুহ অনুষ্ঠিত হৈ যায় ৷ আজি পুৱা উত্তৰ অসমৰ তিনিখন জিলা ক্ৰমে  শোণিতপুৰ , বিশ্বনাথ আৰু লক্ষীমপুৰ জিলাৰ বিভিন্ন থানাত কৰ্মৰত মুঠ ২৯ গৰাকী এচ আই পদবীৰ কৰ্মচাৰী পৰীক্ষাত অবৰ্ত্তীন্ন হয় ৷ উক্ত পৰীক্ষা পৰিচালনা কৰে নৰ্ডান ৰেঞ্জৰ ডি আই জি প্ৰশান্ত ভূঞাঁ , শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমিত্ৰা শৰ্মা আৰু দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰণৱজ্যোতি গোস্বামীয়ে ৷