জামুগুৰিহাটত দুখনকৈ গ্ৰন্থ উন্মোচন , পৃথিৱীৰ ওজন এখন কিতাপৰ সমতুল্যঃ ড° অজিত হাজৰিকা

    0
    48

    জামুগুৰিহাটত দুখনকৈ গ্ৰন্থ উন্মোচন , পৃথিৱীৰ ওজন এখন কিতাপৰ সমতুল্যঃ ড° অজিত হাজৰিকা
    দুৰ্নীতিৰ দৰ্পণ সেৱা,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন,৬ মাৰ্চঃ নিৰ্বাচনী ধামখুমিয়াৰ মাজতে আজি জামুগুৰিহাটৰ চেঁচাসত্ৰত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীৰ দ্বাৰা ৰচিত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । এই উদ্দেশ্যে চেঁচাসত্ৰ নামঘৰ প্ৰাঙ্গনত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত “হেপাহৰ কঠিয়া” আৰু “মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ চৰিত্ৰ”(পুনৰ মুদ্ৰণ)নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই । গ্ৰন্থ দুখনি উন্মোচন কৰি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই কয়’কিতাপৰ জ্ঞানৰ তুলনা আন কাৰো লগত নহয় । সকলো পাৰ্থিৱ বস্তু এদিন হেৰাই যায়। কিন্তু এখন কিতাপৰ সামান্য জ্ঞানে এজন ব্যক্তিৰ জীৱন গোটেই জীৱন জুৰি সমৃদ্ধ কৰি তুলিব পাৰে। কিতাপে এখন দেশৰ ইতিহাস সলনি কৰি দিব পাৰে বুলি উল্লেখ কৰি অধ্যক্ষ গৰাকীয়ে পৃথিৱীৰ ওজন এখন কিতাপৰ সমতুল্য বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । লেখক , সাহিত্যিক প্ৰেম নাৰায়ন গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত কৃষ্ণা জোতি মহন্ত গোস্বামীৰ এটি বৰগীতৰে শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠিটিত সাহিত্য কৰ্মী শংকৰ ভূঞা,অঞ্চলটোৰ মৰণাকুৰিৰ বয়সীয়ান ব্যক্তি থগীৰাম বৰাকো সম্বৰ্ধনা জনোৱা হয়। দিনৰ দুই বজাৰ পৰা আধ্যাত্মিক পৰিবেশৰ মাজেৰে অনুষ্ঠিত গ্ৰন্থ উন্মোচন সভাখনত জামুগুৰিহাটৰ গুণী জ্ঞানী ভালেসংখ্যক লোক উপস্থিত আছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here