জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকাৰ লগত জেষ্ঠ নাগৰিকৰ বৈঠক

    0
    49

    জামুগুৰিহাটত বিধায়ক পদ্ম হাজৰিকাৰ লগত জেষ্ঠ নাগৰিকৰ বৈঠক
    দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ মাৰ্চ: আগন্তুক বিধান সভাৰ নিৰ্বাচনলৈ হাতত মাথো আৰু বিশটা দিন বাকী থকা অৱস্থাত ব্যাপক নিৰ্বাচনী তৎপৰতাৰ মাজতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আজি বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ বিভিন্ন শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ এক আলোচনাত মিলিত হয় । কন্যকা পেক্ষাগৃহত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই আলোচনাত বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামী, জামুগুৰি ব্যৱসায়িক সন্থাৰ সভাপতি সুৰেণ আগৰৱালা, বাপুজী ভৱণ নাট্য সমাজৰ সভাপতি জনাদ্দন ভূঞা, সম্পাদক বিকাশ বৰা, জামুগুৰি সাহিত্য সভাৰ সম্পাদক বাসৱ ভূঞা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে গনেশ পাঠক, মোশ্ৰাফ নাছেৰ, সদানন্দ নাথ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক বিপুল শৰ্মা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, বিষয় শিক্ষক ফিৰোজ আনচাৰী, জেষ্ঠ নাগৰিক ভীমলাল শৰ্মাকে ধৰি লোক সকল উপস্থিত আছিল। সমাজ কৰ্মী নিতুমণি বৰাই আত ধৰা অনুষ্ঠানটিত উপস্থিত সকলোৱে চতিয়া সমষ্টিৰ উন্নয়ন, শান্তি, নিৰাপত্তা তথা বাৰেচহৰীয় ভাওনাক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চলোৱা পদক্ষেপ তথা প্ৰচেষ্টাৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। উপস্থিত সকলোৱে ৰাজনীতিৰ বৃত্তৰ পৰা বাহিৰত থাকি হলেও আগন্তুক নিৰ্বাচনত বিধায়ক পদ্ম হাজৰিকাক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই আগন্তুক নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here