জিতু শৰ্মা ৰাজখোৱাৰ অভিনন্দন গ্ৰন্থলৈ লেখাৰ আহ্বান

    0
    103

    জিতু শৰ্মা ৰাজখোৱাৰ অভিনন্দন গ্ৰন্থলৈ লেখাৰ আহ্বান
    বোকাখাতৰ পৰা পলিমা বি চেতিয়া, ২১ জানুৱাৰীঃ যোৱা ১৮ জানুৱাৰীত বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত অসম ৰাজ্যিক সাংবাদিক সন্থা ৰ সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী জিতু শৰ্মা ৰাজখোৱাৰ জীৱন আৰু কৰ্ম ভিত্তিক প্ৰকাশ হ’ব লগীয়া অভিনন্দন গ্ৰন্থৰ আহ্বায়ক সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায়। মুখ্য আহ্বায়ক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্গত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ আঁত ধৰে সংবাদ প্ৰতিষ্ঠান কে এন এন, বোকাখাতৰ সচিব প্ৰধান প্ৰদ্যুত মহন্তই। উল্লেখ্য যে অসম ৰাজ্যিক সাংবাদিক সন্থা তথা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, বোকাখাত নাট্যমন্দিৰৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমানৰ সম্পাদক ( নব্বৈৰ দশকত প্ৰতিষ্ঠা হোৱাৰ পৰা আজি পৰ্যন্ত), আঁশীৰ দশকত প্ৰতিষ্ঠিত বোকাখাতৰ শক্তিশালী নাট্য সংগঠন ৰূপজ্যোতি সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰাক্তন সভাপতি, বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘ৰাইজৰ খবৰ’ কাকতৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱা বিগত সময়ৰ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী, বোকাখাতৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্মদাতা, এগৰাকী সু-সংগঠক হোৱাৰ লগতে অৰ্দ্ধ শতাধিক নাটক আৰু ‘চিঞৰ’, ‘নামঘৰীয়া’, ‘তকে মৰম লাগে’, ‘ভাওনা’, ‘হৃদয়ত জ্বলা জুই’ আদি বহুকেইখন কথাছবি-ভিচিডি ছবিত বলিষ্ঠ অভিনয় প্ৰদৰ্শনেৰে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা। আহ্বায়ক সমিতিৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু নীলু আচাৰ্যক উপদেষ্টা, প্ৰদ্যুত মহন্তক মুখ্য সম্পাদক, ক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী আৰু কবি-সাংবাদিকঅজন্তা তালুকদাৰক সম্পাদনা সহযোগী, ক্ৰমে কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি স্বপন নাথ, ‘ৰাইজৰ খবৰ’ৰ কাৰ্যকৰী সম্পাদক বদন দুৱৰা, সাংবাদিক প্ৰাঞ্জল হাজৰিকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্গত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক পবন কামানক সদস্য হিচাপে লৈ সম্পাদনা সমিতিখন গঠন কৰা হয়। বৈঠকত চলিত বৰ্ষৰ অহা ১৯ মাৰ্চত ‘ৰাইজৰ খবৰ’ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বোকাখাতত উন্মোচন হ’ব লগীয়া অভিনন্দন গ্ৰন্থখনিৰ বাবে ৰাজখোৱাৰ সকলো অনুৰাগী, পৰিচিত ব্যক্তি, অসমৰ বিভিন্ন স্থানত থকা সতীৰ্থ সাংবাদিক সকললৈ লেখাৰ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লেখা সমূহ জমা দিয়াৰ শেষ তাৰিখ অহা ১৫ ফেব্ৰুৱাৰী ধাহ্য কৰা হৈছে। এই সংক্ৰান্তত সম্পাদনা সমিতিৰ হৈ সমিতিৰ সভাপতি বুবুল দত্ত আৰু মুখ্য সম্পাদক প্ৰদ্যুত মহন্তই লেখা সমূহ ৭০০২৪৮১৯৬১, ৮৬৩৮৩০৫৬২৫, ৮১৩৩৯০৭১০৯, ৯৫৩১০৫০৪৭৬ ফোন নম্বৰলৈ ৱাটচ্ এপযোগে আৰুjrsabhi2021@gmail.com লৈ লেখাসমূহ পঠিয়াবলৈ অনুৰোধ জনাইছে। লগতে উল্লিখিত ফোন নম্বৰ সমূহত যোগাযোগ কৰিব পাৰিব বুলিও জানিবলৈ দিছে। বৈঠকত জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, নীলু আচাৰ্য, অমৰ শৰ্মা, পলিমা চেতিয়া বসুমতাৰী, অজন্তা তালুকদাৰ, বদন দুৱৰাকে ধৰি আহ্বায়ক সমিতিৰ সদস্য সকল উপস্থিত থাকে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here