জুৰীয়াত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন,নাৰীক মৰ্য্যদা দিবলৈ আহাবন

0
96

জুৰীয়াত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন,নাৰীক মৰ্য্যদা দিবলৈ আহাবন
দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম, ডুমডুমীয়া , ৮ মাৰ্চ : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আভিযানৰ জুৰীয়া খণ্ডৰ অন্তৰ্গত অসমী মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদোগত আজি থিয়টাঙনী পুথিভঁৰাল প্ৰাঙ্গণত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱা ছাফাই অভিযানৰ পিছত মহিলা সকলে হাতে হাতে প্লেটকাৰ্ড লৈ মদ,ড্ৰাগছ, বন্ধ কৰক,নাৰীক সন্মান কৰক,বাল্য বিবাহ বন্ধ কৰক এক শোভাযাত্ৰা অন্তত স্থানীয় জীৱিকা সখী সকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ দিলীপ বৰদলৈৰ পৰিচালনাত “নাৰীৰ মৰ্যাদা” এক সুন্দৰ নাট মস্চন্ত কৰে। নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ আগধৰা মুকলি সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আভিযানৰ জুৰীয়া খণ্ডৰ ব্লক প্ৰজেক্ট মেনেজাৰ কুমুদ দাস, ব্লক সমন্বয়ক জিতুমনি ডেকা, জুৰীয়াৰ বিশিষ্ট চিকিৎসক ডাঃ তফাজ্জুল হুছেইন, ডি ডি ইউ জি কে ৱাইৰ মাৰ্কাজুল মা’আৰিফৰ মবিলাইজ হেড মাজিদুল ইছলাম উপস্থিত থাকি ভাষণ প্ৰদান কৰে।জীৱিকা সখী চুমি ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বেংক মিত্ৰ বিনীতা শইকীয়া, জীৱিকা সখী গুল নেহাৰ,জোশ্বনাৰা খাতুন,মণ্ডল সংগঠনৰ সভানেত্ৰী,সম্পাদিকা সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here