জুৰীয়াত তৃতীয় পৰ্যায়ৰ ৰাইজ মেলৰ সামৰণি , অন্ধ বিশ্বাস-কু-সংস্কাৰ ৰোধ কৰাৰ সমুহীয়া সংলগ্ন

    0
    84

    জুৰীয়াত তৃতীয় পৰ্যায়ৰ ৰাইজ মেলৰ সামৰণি , অন্ধ বিশ্বাস-কু-সংস্কাৰ ৰোধ কৰাৰ সমুহীয়া সংলগ্ন

    ৱাহিদুদ জামান , নগাঁও , ২১ ফেব্ৰুৱাৰী : অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ‘সংস্কাৰ: মানুহে মানুহৰ বাবে’ আচনিৰ আধাৰত ৰাজ্যজুৰি যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাইজ মেলৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ কালি সামৰণি পৰে। সমাজত প্ৰচলিত কেতবোৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ৰোধৰ বিৰুদ্ধে অনুষ্ঠিত এই ৰাইজ মেল ৰাজ্যৰ আন ঠাইৰ লগতে জুৰীয়াৰ বালিকটীয়া দৈনিক বজাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আলিটাঙনী-জাৰামাৰী জিলা পৰিষদ সদস্য জিয়াবুৰ ৰহমান ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজ মেলত নগাঁৱৰ চিলঙনীস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড:দীনেশ হাজৰিকাই মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি কয়, ‘এখন সংস্কাৰমুক্ত সমাজ গঢ়িবলৈ সকলো সজাগ হ’ব লাগিব। কাৰণ একাংশ লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কেতবোৰ কু-সংস্কাৰ মুলক কাম-কাজ কৰি সুস্থ সমাজখনত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। তেওঁ লগতে কয়, যিহেতু আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যতৰ নাগৰিক, সেয়ে আমি তেওঁলোকক কৈশোৰ অৱস্থাৰ পৰাই সঠিক দিশত দিক দৰ্শন দিব লাগিব। বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক নাজিম আহমেদে উদ্দেশ্যে ব্যাখ্যা কৰা ৰাইজ মেলত জাৰামাৰী নতুন চিকিৎসা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ জিকৰুল আলমোল্লাই কয়, ” আমি জন্ম হোৱাৰ পিছৰ পৰা পৰম্পৰাগত ভাবে কেতবোৰ অন্ধবিশ্বাস লগত লৈ আহোঁ। কাৰণ জন্ম হোৱাৰ লগে লগে পিতৃ-মাতৃয়ে আমাক এনে কেতবোৰ কাৰ্য কৰে, যিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। যুৱ চিকিৎসক গৰাকী জন্ম হ‌ওতেও এইবোৰ পিতৃ-মাতৃয়ে কৰিছিল বুলি উল্লেখ কৰি কয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আমি এইবোৰ অন্ধবিশ্বাস এতিয়া পৰিহাৰ কৰিব লাগিব। জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ তফাজ্জুল হুছেইনে অংশ লৈ কয়, বৰ্তমান নৱ প্ৰজন্ম‌ৰ মাজত মদ,ভাং, ড্ৰাগছ সেৱন, জুৱাৰ আদিৰ দৰে অপৰাধ প্ৰৱণতা পূৰ্বতকৈ বৃদ্ধি পাইছে। যিটো সমাজৰ কাৰণ এক দু-খবৰ। এইবোৰৰ পৰা আমি তেওঁলোকক ৰক্ষা কৰিবলৈ নোৱাৰিলে, সমাজখন ধ্বংসৰ দিশে গতি কৰিব বুলি ডাঃ হুছেইনে মন্তব্য কৰে। ৰাইজ মেলত বিশিষ্ট সমাজকৰ্মী ৰুহুল আমিন, শিক্ষাবিদ তজম্মল হুছেইনে সংখ্যালঘু সমাজত প্ৰচলিত বাল্যবিবাহ, পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি কৰা বৈষম্যৰ কেবাটাও উদাহৰণ দাঙি ধৰি এইবোৰ পৰিহাৰ কৰিবলৈ আহ্বান জনায়। স্থানীয় পঞ্চায়ত সভাপতি শ্বৰিফ আলীসহ পঞ্চায়ত প্ৰতিনিধি, সাংবাদিক ৱাহিদুদ জামানৰ লগতে কেবা শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা ৰাইজ মেলত সকলোৱে বলিকটিয়া অঞ্চলৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সমুহ ৰোধ কৰাৰ ক্ষেত্ৰত সমুহীয়া প্ৰচেষ্টা আৰম্ভ কৰাৰ সংকল্প গ্ৰহণ কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here