ঝাৰখণ্ড মুক্তি মৰ্চা ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰবৰুৱা , ১ ফেব্ৰুৱাৰী : ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা ৰাজনৈতিক দল “ঝাৰখণ্ড মুক্তি মৰ্চা” নামেৰে ৰাজনৈতিক দলটোৱে লাহোৱাল সমষ্টিৰ জকাই চেঙামাৰী গাওত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে । সভাত ৰাজ্যিক সমিতিৰ সভাপতি জন প্ৰকাশ তাঁতী উপস্থিত হৈ ৰাইজক উদ্দেশ্যেই কৰি কয যে–অসমৰ আদিবাসী ভূমিপুত্ৰ লোক সকলক প্ৰত্যেকখন চৰকাৰে শোষিত, বঞ্চিত কৰি অহা দেখা যায় । অসমৰ আদিবাসী ভূমিপুত্ৰ সকলে প্ৰত্যেক সমযতে নিজৰ প্ৰাপ্য,অধিকাৰ আৰু সুৰক্ষা বিচাৰি ৰাজপথত প্ৰতিবাদ কৰিব লগা হয়।সেইবাবে আমি অসমত ঝাৰখণ্ড মুক্তি মৰ্চা নামেৰে সক্ৰিয ৰাজনীতি দলতো জন্ম দিয়া হয আৰু প্ৰত্যেক সমষ্টিতে সক্ৰিয প্ৰাৰ্থী দিয়া কথা উল্লেখ কৰে । লাহোৱাল সমষ্টিত জকাই বাসিন্দা তথা প্ৰবল দাবীদাৰ ভূবন কুৰ্মীক ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ লগতে আগন্তক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটে জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here