টুকটুকীত কংগ্ৰেছৰ বুথ সংকল্প শিৱিৰ অনুষ্ঠিত

    0
    130


    টুকটুকীত কংগ্ৰেছৰ বুথ সংকল্প শিৱিৰ অনুষ্ঠিত , কংগ্ৰেছৰ মহাজোঁট শাসনলৈ আহিলে এন আৰ চি ,কাঁ, ডি ভোটাৰ ,ডিটেনশ্যান কেম্প, মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যা ৰ সমাধান হ’বঃ ৰিপুন বৰা
    দুৰ্নীতিৰ দৰ্পণ সেৱা,আবুল হুছেইন ,টুকটুকী,২৭ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ মহাজোঁট শাসনলৈ আহিলে অসমৰ এন আৰ চি,কাঁ , ডি ভোটাৰ , ডিটেনশ্যান কেম্প মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ সমাধান হ’ব । আজি বটদ্ৰবা সমষ্টিৰ টুকটুকীৰ কটহগুৰি কলেজ খেলপথাৰত বটদ্ৰৱা আৰু দলংঘাট ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত বুথ সংকল্প শিৱিৰত এই দৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন‌ বৰাই । বৰাই লগতে কয় যে আমাৰ চৰকাৰ আহিলে কৃষকৰ কে চি চি ঋণ , আৰু মহিলাই মাই’ক্ৰ ফাইনেন্সৰ পৰা লোৱা ঋণ মাফ দিয়া হ’ব । তেওঁ লগতে বিজেপিক সমালোচনা কৰি আৰু কয় যে বিজেপিয়ে শংকৰ মাধৱ আজানৰ অসমত হিন্দু মুছলমানক ভাগ ভাগ কৰি যি‌ ৰাজনীতি কৰি আছে,সেইটো আচলতে অসমক ধ্বংসৰ দিশে হে ঠেলি দিছে। তেওঁ লগতে আৰু কয় যে অৰুণোদয় আচঁনিৰ নামত অসমৰ একাংশ মহিলাক ৮৩০ টকা দি অপমান হে কৰিছে। আমাৰ চৰকাৰ আহিলে ৰাহুল গান্ধীৰ ন্যায় আঁচনিৰ অধীনত অসমৰ প্ৰত্যেক বি পি এল হিতাধিকাৰীক ৭৫০০ টকাকৈ দিম । বটদ্ৰৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক পংকজ বৰদলৈয়ে আঁত ধৰা বুথ সংকল্প শিৱিৰটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য প্ৰচাৰক মীৰা বৰ ঠাকুৰে বিজেপিক ক্ষুৰধাৰ সমলোচনা কৰি কয় যে ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱাত ভাৰতৰ গৃহ মন্ত্ৰী অমৃত সাহে কৈছিল অসমত আৰু বানপানীৰ সমসা নাথাকে, সেয়া ফাঁকি আৰু বাকীৰ বাহিৰে একো নহয় । ঠাকুৰে আৰু কয় যে তোমালোক যদি হে হিন্দুৰ দৰদী হয় তেন্তে আজিৰ দিনত গুৱাহাটী চহৰত দৰিদ্ৰ যুৱতীয়ে পতিতালয়ত কিয় নৈশ জীৱন যাপন কৰিব লগীয়া হৈছে? প্ৰতিটো ক্ষেত্ৰতে মূল্য বৃদ্ধি হৈ থকাত চকু মুদাৰ কুলিৰ ভাও ধৰি বৰ্তমান প্ৰতিভাশালী মন্ত্ৰী গৰাকীয়ে আমাৰ ধনেৰে ফুল কিনি তেওঁৰ নিজৰ গাতে ছটিয়াই বা বা হে লৈছে। প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভা খনত চত্তিছগড়ৰ কংগ্ৰেছ দলৰ মাষ্টাৰ ট্ৰেইনাৰ ৰাজেন্দ্ৰ চাহুয়ে কংগ্ৰেছৰ কৰ্মীক উদেশ্য কৰি কয় যে- বুথ কমিটি হৈছে আটাইতকৈ শক্তিশালী কমিটি, এই কমিটি হাতে কামে কৰা কমিটি । বুথ কমিটিৰ কাম কেৱল পোষ্টাৰ লগোৱা নহয়,এই কমিটিয়ে ভোটৰৰ লগত মধুৰ সম্পৰ্ক বজাই ৰাখিব লাগিব। চাহুয়ে আৰু কয় য়ে -আমাৰ চৰকাৰ আহিলে এইবাৰ বুথ কমিটিয়ে হিতাধিকাৰী বাচনি কৰিব। খাদ্য সুৰক্ষা আইন বিজেপিয়ে মানি আছে।এইটো আচলতে কংগ্ৰেছে কৰা আইন হে। সভাখনত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ বিষয়া বসন্ত শৰ্মা এনেদৰে কয়। এই বুথ সংকল্প শিবিৰটোত কংগ্ৰেছ দলৰ নেতা ৰামান্না বৰুৱা,হিৰণ্য বৰা ,প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰা,অসম যুৱ কংগ্ৰেছৰ সম্পাদক অভিজিত বৰা, গৌতম বৰা,ৰমেশ বৰদলৈ কে আদি কৰি ৮৪নং বটদ্ৰৱা সমষ্টিৰটোৰ বটদ্ৰৱা আৰু দলংঘাট ব্লক আৰু বটদ্ৰৱা ব্লকৰ কংগ্ৰেছৰ সক্ৰিয় কৰ্মী সকল উপস্থিত আছিল।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here