ডিগবৈত আছুৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী

    0
    143

    ডিগবৈত আছুৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী
    পেট্ৰল,ডিজেল,ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী মূল বৃদ্ধি ৰোধৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট
    দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ১৯ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তৈলনগৰী ডিগবৈতো পেট্ৰল,ডিজেল ,ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধৰ দাবীত ডিগবৈৰ সৰ্বজনীন শ্বহীদ বেদীৰ প্ৰাঙ্গণত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰনেতা সকলে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰক , নৰেন্দ্ৰ মোদী হায় হায় , সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ,হিমন্ত বিশ্বৰ কাম নাই , যোগান বিভাগ হায় হায় ইত্যাদি শাসকীয় চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিখিল কোঁচ , তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি টংকেশ্বৰ শইকীয়া , ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভৱেন খেৰুৱা , সম্পাদক আব্দুল ৰাজাসহ অৰ্ধশতাধিক ছাত্ৰ নেতা কৰ্মীয়ে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী সভাৰ পৰাই প্ৰতিবাদী ছাত্ৰনেতা কৰ্মীয়ে শাসকীয় বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে বিৰোধিতা কৰাৰ লগতে সাধাৰণ জণগণৰ হিত বিপৰীতে জনতাৰ তেজ খোৱা চৰকাৰ বুলি আখ্যা প্ৰদান কৰে ৷ পৰিৱৰ্তন ঢাক-ঢোল বজাই চৰকাৰ গঠন কৰা বিজেপি চৰকাৰক বিৰোধিতা কৰি শাসকীয় চৰকাৰৰ সম বিকাশৰ প্ৰতিশ্ৰুতি অনুসৰি , চৰকাৰখনে দেশৰ পুঁজিপতিৰ বিকাশ আৰু দুখীয়া সৰ্বনাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বুলি তীক্ষ্ণ বাক্যবাণৰে থকা সৰকা কৰে ৷ অতিমাত্ৰা মূল্য বৃদ্ধিত এচাম খাটি খোৱা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ কথা অৱগত কৰাৰ লগতে ইন্ধনজাতীয় দ্ৰব্যকে আদি কৰি নিত্য আত্যাৱশ্যকীয় সামগ্ৰীৰ মূল বৃদ্ধি ৰোধ যদি অনতি পলমে নকৰে , তেন্তে ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ প্ৰদান কৰি আগন্তুক বিধান সভা নিৰ্বাচনত সাধাৰণ ৰাইজৰ পৰা শাসকীয় চৰকাৰে উচিত প্ৰত্তুত্যৰ পাব বুলি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ নেতাই মত পোষক কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here