ডিগবৈত গৃহৰক্ষী বাহিনী কৰ্ম বিৰতি ঘোষণা

    0
    71

    ডিগবৈত গৃহৰক্ষী বাহিনী কৰ্ম বিৰতি ঘোষণা
    দুৰ্নীতিৰ দৰ্পণ ,দ্বীপেন শইকীয়া , ডিগবৈ,১ মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি তৈলনগৰী ডিগবৈত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীয়ে নিজৰ ন্যায়প্ৰাপ্তিৰ দাবী দুদিনীয়াকৈ কৰ্ম বিৰতি পালন কৰিছে ৷ অসম আৰক্ষীৰ সৈতে সকলো কৰ্মতে নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰি যোৱাৰ পাচতো সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান সকলক চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাৰ ক্ষোভত সমগ্ৰ ৰাজ্যতে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে কৰ্ম বিৰতিৰ দৰে চৰম কাৰ্যসূচী হাতত লৈছে ৷ গৃহৰক্ষী বাহিনীৰ দাবী অনুসৰি প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ জোৱান সকলক চাকৰি নিয়মীয়াকৰণ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে , নিষ্ঠা আৰু সততাৰে নিজ কৰ্তব্য পালন কৰাৰ পাচতো কৰ্তব্যৰ সম পৰিমাণে মাহিলী দৰমহা আদায় নকৰাৰ বাবদ এই কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰিছে ৷ কৰ্ম বিৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰা গৃহৰক্ষী জোৱানৰ ভাষ্য অনুসৰি,অসম চৰকাৰে যদি গৃহৰক্ষী জোৱানৰ দীৰ্ঘদিনীয়া দাবী সমুহ পূৰণ ক্ষেত্ৰত অতি শীঘ্ৰে যদি কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে,তেন্তে কৰ্মবিৰতিৰ কাৰ্যসূচী দীঘলীয়া কৰাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত অসম গৃহৰক্ষী বাহিনীৰ পৰা চৰকাৰ তথা পুলিচ প্ৰশাসনক দায়িত্ব পালনৰ জৰিয়তে কোনো প্ৰকাৰে সহযোগিতা আগনৱঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here