ডিগবৈত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী

    0
    62

    ডিগবৈত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী , প্ৰাক্তন বিজেপি বিধায়ক প্ৰাৰ্থীসহ চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদকৰ যোগদান , তীব্ৰ জোকাৰণি ডিগবৈ ৰাজনৈতিক মহলত
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ডিগবৈ , ১৮ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সমুহ ৰাষ্ট্ৰীয় তথা আঞ্চলিককতাবাদী সৰু-বৰ ৰাজনৈতিক দলে ৰাইজৰ মাজত নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যৰে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিছে ৷ ব্যক্তিক্ৰম নহয় ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিও ৷ “কা” আন্দোলনৰ গইনা লৈ নতুনকৈ গঠন কৰা ৰাইজৰ দলে আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতাৰে প্ৰস্তুতি চলাই থকাৰ সময়তে ডিগবৈৰ বিজেপি দলৰ জেষ্ঠকৰ্মী তথা বিজেপি দলৰ বিগত ২০০৬ চনৰ বিধায়কৰ প্ৰাৰ্থী বিজয় তাঁতী , ভাৰতীয় চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক প্ৰমোদ তাঁতী আৰু ডিগবৈ সকলোৰে পৰিচিত সমাজসেৱক নৱজ্যোতি বুঢ়াগোহাঁই ডিগবৈ লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুিষ্ঠত হোৱা যোগদান সভাত অনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগাদান কৰে ৷ এই যোগদান কাৰ্যসূচীৰ জৰিয়তে ডিগবৈ বিজেপি দলৰ জেষ্ঠ কৰ্মী তথা প্ৰাক্তন বিধায়ক প্ৰাৰ্থীৰ লগতে ভাৰতীয় চাহ শ্ৰমিক সংঘৰ সহঃ সম্পাদক গৰাকীয়ে যোগদান কৰাৰ হেতুকে ডিগবৈ ৰাজনৈতিক মহলৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here