ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

    0
    119

    ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ
    দুৰ্নীতিৰ দৰ্পণ ,দ্বীপেন শইকীয়া , ডিগবৈ , ১ মাৰ্চঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিয়ে ডিগবৈ সৰ্বজনীন শ্বহীদ বেদী প্ৰাঙ্গণত আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসমৰ খিলঞ্জীয়া বুলি দাবী কৰি অহা গোৰ্খা জনগোষ্ঠীয়ে শাসকীয় চৰকাৰক জনগোষ্ঠীটোৰ উত্তৰণৰ সন্দৰ্ভত বিভিন্ন সময়ত স্মাৰক প্ৰদান কৰি অহাৰ পাচতো শাসকীয় কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনজাতিকৰণকে আদি কৰি ভাৰতীয় নাগৰিক পঞ্জীত বাদ পৰি যোৱা গোৰ্খা নাগৰিকসকলৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ সন্দৰ্ভত চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ নেতাৰ ভাষ্য অনুসৰি , কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গোৰ্খা জনগোষ্ঠীক সদায়ে মাহী আইৰ দৃষ্টিৰে চোৱা কথা ব্যক্ত কৰে ৷ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰাজিৰ সমাধানৰ কথা ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত শাসকীয় চৰকাৰক কটু সমালোচনাৰে থকা সৰকা কৰে ৷ কৰ্যসূচীত উপস্থিত থকা গোৰ্খা ছাত্ৰ নেতাৰ ভাষ্যত , গোৰ্খা জনগোষ্ঠীক বিগত দিনত কেৱল মাত্ৰ পতাৰণা কৰি ভোট বেংকৰ ৰাজনীতি কৰিলে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত কোনো ৰাজনীতি দলকেই আস্হাত লোৱা নহব বুলি মত পোষণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচী গোৰ্খা ছাত্ৰ নেতাসকলে হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্লগানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্তুত্যৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here