ডিব্ৰুগড়ত কৃষক শ্বহীদ দিৱস পালন

0
90

ডিব্ৰুগড়ত কৃষক শ্বহীদ দিৱস পালন
দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰবৰুৱা , ২৮ জানুৱাৰী : চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ঐতিহাসিক পথৰুঘাটৰ ৰণত প্ৰাণ আহুতি দিয়া বীৰ কৃষক শ্বহীদ সকলৰ প্ৰবিত্ৰ স্মৃতিত ডিব্ৰুগড়ৰ জিলাৰ কৃষি বিভাগতো কৃষক শ্বহীদ দিৱস পালন কৰে। নৰনাথ পেগুৱে আঁতধৰা সভাত জিলা কৃষি বিষয়া সুমেন্দ্ৰ গোস্বামীয়ে কৃষক সকলক সন্মান জনাই চৰকাৰী ভাৱে প্ৰস্তুত কৰা আঁচনি সংক্ৰান্তত বহল ভাৱে আলোকপাত কৰাৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ বচা বচা ১২ জন কৃষকক আনুষ্ঠানিক ভাৱে একোখনকৈ গামোচা পিন্ধাই সম্বৰ্ধনা জনাই অনুপ্ৰাণিত কৰে । সভাত কৃষি উন্নয়ন বিষয়া ক্ৰমে –কাবেৰী চলিহা,ৰুনিমা মিলি,মালা বৰুৱা শইকীয়াৰ লগতে বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক সকল উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here