ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত কুমাৰ তামুলীক নিলম্বন, ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ড° ৰাজ নাৰায়ণ সিং যাদবক দায়িত্ব প্ৰদান

1
168

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰঞ্জিত কুমাৰ তামুলীক নিলম্বন, ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ড° ৰাজ নাৰায়ণ সিং যাদবক দায়িত্ব প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰবৰুৱা , ১১ ফেব্ৰুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে বাতৰি সম্প্ৰচাৰ হৈ অহাৰ পাছত অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে প্ৰত্ৰৰ যোগেদি নিলম্বন কৰিছে । ৰাজ্যপালে গঠন কৰি দিয়াৰ উচ্চস্তৰীয় তদন্ত কমিটি প্ৰতিবেদনৰ অন্তত আজি ৰাজ্যপালে উপাচাৰ্য গৰাকীক নিলম্বন কৰে । যোবা চাৰি আৰু পাঁচ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়লৈ আহিছিল উচ্চস্তৰীয় তদন্ত কমিটিৰ এটা দল । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হৰিশ চন্দ্ৰ মহন্তক বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছিল আৰু তাৎক্ষনিকভাবে বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ ড° জিতেন হাজৰিকাক দায়িত্ব অৰ্পন কৰা হৈছিল । আনহাতেদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় আৰু গাণনিক বিভাগৰ উপ-পঞ্জীয়ক দিগন্ত বৰাকো কাৰ্যবাহী পৰিষদে নিলম্বন কৰি উক্ত পদত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ যুটীয়া পঞ্জীয়ক ড°পৰমানন্দ সোণোৱালক দায়িত্ব অপৰ্ণ কৰা হৈছে । আজি আনুষ্ঠানিকভাৱে ৰাজ্যপালে উপাচাৰ্যক নিলম্বন কৰাৰ লগতে ড° ৰাজ নাৰায়ণ সিং যাদবক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব প্ৰদান কৰে । নব নিবাৰ্চিত ভাৰপ্ৰাপ্ত উপাচাৰ্য গৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয যে বিগত কাৰ্যকালত হোৱা দুৰ্নীতি, অনিয়ম সমুহ চৰকাৰী ভাৱে উচ্চ পৰ্য্যায়ৰ তদন্ত চলি আছে । তাত আমাৰ আপত্তি নাই । মোৰ কাৰ্যকালত মই নিকা দৃষ্টিৰে বিশ্ববিদ্যালয়খন পৰিচালনা কৰিবলৈ যত্ন কৰিম কিন্তু এইক্ষেত্ৰত সকলোৰে সহায সহযোগিতা দিহা পৰামৰ্শ লাগিব বুলি কয । ইযাৰ পিছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ আৰু আছু গোটে এই প্ৰদক্ষেপক আদৰনি জনায় । লগতে দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত সংঘটিত হোৱাৰ বিত্তীয় অনিয়ম, দূৰ্নীতিৰ অৱসান হৈ এক সুস্থ, সবল পৰিৱেশ পুনৰ বিশ্ববিদ্যালয়লৈ ঘূৰি আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰে ।

1 COMMENT

  1. I am not sure where you’re getting your information,
    but good topic. I needs to spend some time learning much more or understanding
    more. Thanks for wonderful info I was looking for this information for my
    mission.

LEAVE A REPLY

Please enter your comment!
Please enter your name here