ডুমডুমীয়াত কংগ্ৰেছ দলৰ অসম বচাও অভিযান ৰকিবুল হুছেইন

    0
    84

    ডুমডুমীয়াত কংগ্ৰেছ দলৰ অসম বচাও অভিযান ৰকিবুল হুছেইন

    দুৰ্নীতিৰ দৰ্পণ সেৱা,ইমামুল ইছলাম, ডুমডুমীয়া , ১৯ ফেব্ৰুৱাৰীঃ অসম বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে সমগ্র অসমৰ লগতে কংগ্ৰেছ দলে আজি অসম বচাও অভিযান আৰম্ভ কৰিছে ধিং সমষ্টিৰ ডুমডুমীয়াত। বিয়লি ৩বজাত অনুস্থিত হোৱা হাইদৰ আলীয়ে আঁত ধৰা সভাখনত চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল ইছলামে ভোটাৰ ৰাইজৰক উদ্দেশ্যি কয় যে , বৰ্তমান সময়ত বস্তুৰ মূল্য বৃদ্ধি হৈছে। তেল,ডালি আদি অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ সুধাইছে। তেওঁ বিজেপি চৰকাৰখনক সমালোচনা কৰি কয়যে—বৰ্তমানৰ এজন প্ৰতিভাবহালী মন্ত্ৰীয়ে চাইকেল চলাই ৰাইজৰ কাষ চাপিছে। কিন্তু দৈনিক হেলিকপ্টাৰত আহি নিৰ্বাচনী প্ৰচাৰ চলাই। কিন্তু এইয়া কাৰ টকা বুলিও উল্লেখ কৰি পুনৰ কয় যে, আগন্তুক নিৰ্বাচনত ৰাইজে যাতে ভুল নকৰে তাৰ প্ৰতি সজাগ হবলৈও ৰাইজক আহ্বান জনায়। সভাখনত ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই ২০১৬ চনত ৰাইজে কৰা ভুলৰ কথা মনত পেলাই দি কয় যে , এই অঞ্চলত গৰাখহনীয়াৰ কথা ৰাইজে পাহৰিলে নেকি বুলিও ৰাইজক প্ৰশ্ন কৰে । আনকি ৰাস্তা ঘাট কিমান উন্নয়ন হল এই কথা সমষ্টি বাসীয়ে ভালকৈ জানে । সভাত উপস্থিত থাকে নগাও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহাম্মেদ,সমাজ কৰ্মী হাইদৰ হুছেইন আৰু কংগ্ৰেছ দলৰ অসম বচাও অভিজানত প্রায় এক সহস্ৰাধিক লোক উপস্থিত আছিল ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here