ঢকুৱাখনাত এজেয়াইচিপিৰ নতুন সমিতি গঠন

2
1050

ঢকুৱাখনাত এজেয়াইচিপিৰ নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , সোণাৰী চাপৰিৰ পৰা মানস প্ৰতীম কাশ্যপৰ প্ৰতিবেদন , ১৫ অক্টোবৰঃ ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ত বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঢকুৱাখনা আঞ্চলিক সমিতিৰ দ্বি বাৰ্ষিক প্ৰতিনিধি ও বিষয় বাছনি সভা অনুস্থিত  হয় ৷ উক্ত সভাত এজেয়াইচিপিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ শৰ্মা , ভাৰপ্ৰাপ্ত সা:সম্পাদক দিগন্ত ভূঞা , সাংগঠনিক সম্পাদক সুৰেন্দ্ৰনাথ বৰুৱা , কাৰ্যনিৰ্বাহক সদস্য চিৰপ্ৰতিম কাকতি উপস্থিত থাকে ৷ প্ৰতিনিধি ও বিষয় বাচনি সভাৰ সৰ্বসন্মতি ক্ৰমে ৩১জনীয়া নতুন সমিতি গঠন কৰা হয় ৷ নতুন সভাপতি ৰূপে মহেন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰূপম বৰুৱাক দায়িত্ব অৰ্পণ কৰা হয় ৷ আন বিষয়ববীয়া সকল ক্ৰমে উপ সভাপতি  দ্বীপজ্যোতি চুতীয়া , দিপাংক বৰুৱা , দুৰ্লভ দাস , যুটীয়া সম্পাদক বিশ্বজিৎ শইকীয়া আৰু ত্ৰিনয়ন দাস ৷

2 COMMENTS

Comments are closed.