তামাৰহাটত “আক্ৰাছু”ৰ সংবাদ মেল ,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত মনোজ কুমাৰ ৰায়ক অন্তৰ্ভূক্ত কৰাৰ দাবী

3
281

তামাৰহাটত “আক্ৰাছু”ৰ সংবাদ মেল ,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত মনোজ কুমাৰ ৰায়ক অন্তৰ্ভূক্ত কৰাৰ দাবী
দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ ,তামাৰহাট , ৫ ফেব্ৰুৱাৰী:কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত “আক্ৰাছু”ৰ সহকাৰী সাধাৰণ সম্পাদক মনোজ কুমাৰ ৰায়ক অন্তৰ্ভূক্ত কৰাৰ বাবে ধুবুৰী জিলা আক্ৰাছুৰ অন্তৰ্গত তামাৰহাট কুমাৰগঞ্জ আৰু কামানডাঙ্গা আঞ্চলিক আক্ৰাছুয়ে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। উক্ত দাবীৰ সমৰ্থনত তামাৰহাট কুমাৰগঞ্জ আৰু কামানডাঙ্গা আঞ্চলিক আক্ৰাছুয়ে আজি ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাটস্থিত সজল ফাউণ্ডেছনৰ কাৰ্য্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল সম্বোধন কৰি তামাৰহাট আঞ্চলিক আক্ৰাছুৰ সভাপতি প্ৰদীপ কুমাৰ ৰায়ে কয় যে,ধুবুৰী জিলাৰ অত্যন্ত পিছপৰা অঞ্চল তামাৰহাটৰ শিক্ষিত যূৱক মনোজ কুমাৰ ৰায় আক্ৰাছুৰ আঞ্চলিক পৰ্যায়ৰ পৰা ক্ৰমান্বয়ে সাংগঠনিক কৰ্মদক্ষতাৰে আগুৱাই গৈ বৰ্তমান আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক পদত অধুষ্ঠিত হবলৈ সক্ষম হয় । ধুবুৰী জিলাৰ অসম-বংগ সীমান্তবৰ্তী অতি পিছপৰা অঞ্চল খনৰ সামগ্ৰিক উন্নয়নৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদত মনোজ কুমাৰ ৰায়ক অন্তৰ্ভূক্ত কৰাৰ বাবে সভাপতি প্ৰদীপ কুমাৰ ৰায়ে সংবাদমেল যোগে অসম চৰকাৰৰ ওচৰত দাবী জনায় । উল্লেখ্য যে ,দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত ৰাজনৈতিক,আৰ্থ-সামাজিক , শৈক্ষিক আদি সকলো দিশতে পিছপৰা অসমৰ ভূমি পুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ খনক আঁদৰণি জনোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে সংবাদমেলত উপস্থিত থকা আক্ৰাছুৰ নেতৃবৃন্দই । মনকৰিবলগীয়া যে ,জনগোষ্ঠীটোৰ সংগ্ৰামীসত্বাক অগ্ৰাধিকাৰ দি সুশিক্ষিত তথা প্ৰস্থাৱিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ অন্তৰ্গত ব্যাক্তিক মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে নিযুক্তি দিবলৈ আক্ৰাছুৰ নেতৃবৃন্দই চৰকাৰৰ ওচৰত দাবী জনায় একেখন সংবাদমেল যোগে ।

3 COMMENTS

  1. When I initially commented I clicked the “Notify me when new comments are added” checkbox and now each time a comment
    is added I get several e-mails with the same comment.
    Is there any way you can remove people from that service?

    Many thanks!

LEAVE A REPLY

Please enter your comment!
Please enter your name here