তামাৰহাটত’ আমছু’ৰ উদ্যোগত ‘মানুহ মানুহৰ বাবে ‘ শীৰ্ষক অনুষ্ঠান , দুখীয়াৰ মাজত কম্বল বিতৰণ

0
127
তামাৰহাটত’ আমছু’ৰ উদ্যোগত ‘মানুহ মানুহৰ বাবে ‘ শীৰ্ষক অনুষ্ঠান , দুখীয়াৰ মাজত কম্বল বিতৰণ
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰুহুল আমিন সেখ , তামাৰহাট , ২৭ ডিচেম্বৰ : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট বজাৰত আজি আমছুৰ উদ্যোগত’ মানুহ মানুহৰ বাবে ‘ শীৰ্ষক অনুষ্ঠানৰ যোগেদি  দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ কৰা হয় । উল্লেখ্য যে , সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অধীনস্থ ধুবুৰী জিলা আমছুৰ সহযোগত আৰু ডিংডিঙ্গা , তামাৰহাট  আৰু  কুমাৰগঞ্জ আঞ্চলিক আমছুৰ উদ্যোগত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট দুৰ্গা মন্দিৰ প্ৰাংগনত উক্ত অনুষ্ঠান অনুষ্ঠিত হয় । স্থানীয় সমাজ কৰ্মী মহিদুল ইছলামে সভাপতিত্ব কৰা সভা খনত  ‘আমছূ’ ৰ কেন্দ্ৰীয় কমিটিৰ  সভাপতি ৰেজাউল কৰিম সৰকাৰে ভাষণ প্ৰসংগত কয় যে , যিখন সমাজত হিন্দু -মুছলমানৰ ভেদাভেদ নাথাকিব , কেৱল মানুহ থাকিব, আৰু মানুহৰ প্ৰতি মানুহৰ সহানুভূতি থাকিব , তেনেকুৱা এখন সুস্থ সমাজ আমাৰ সকলোৰে কাম্য ।ইয়াৰ উপৰি আমছুৰ সভাপতি  গৰাকীয়ে কয় , যি কোনো  দলৰে চৰকাৰ নহওক কিয় , মুছলমান লোক সকলক আৰু মুছলমান লোক বসতি প্ৰধান অঞ্চল হোৱাৰ বাবেই অসম চৰকাৰে ধুবুৰী জিলা খনক মাহী আইৰ চকুৰে চায় । এইবাৰ আমি আন্দোলন কৰিম ,কিন্তু ৰাজ পথত নহয় আমি লিখা-পঢ়া কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ চৰকাৰক দেখুৱাই দিম যে আমিও মানুহ । ইয়াৰ উপৰি উক্ত সভাত ধুবুৰী জিলা আমছুৰ উপ সভাপতি দেলোৱাৰ হোছেন , কোকৰাঝাৰ জিলা আমছুৰ সাংগঠনিক সম্পাদক  আফজালুৰ ৰহমান আকন্দ , অৱসৰ প্ৰাপ্ত শিক্ষক আতাউৰ ৰহমান তালুকদৰ ,  বিশিষ্ট শিক্ষক জ্যোতিষ চন্দ্ৰ ৰায়কে ধৰি বিশিষ্ট ব্যাক্তি সকলে প্ৰতি গৰাকী  মানুহে দুখীয়া তথা দৰিদ্ৰ মানুহৰ প্ৰতি সহানুভূতি শীল হব লাগে বুলি ভাষণত  উল্লেখ কৰে । মন কৰিবলগীয়া যে , একেখন সভাতে নৱ গঠিত তিনিওটা আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে তামাৰহাট আঞ্চলিক কমিটি আমছুৰ সভাপতি জয়নাল আবেদিন খাঁন সাধাৰণ সম্পাদক আজিবৰ ৰহমান, ডিংডিঙ্গা আঞ্চলিক কমিটি আমছুৰ সভাপতি আমিনুৰ ৰহমান সাধাৰণ সম্পাদক শ্বহীদুল ইছলাম আৰু কুমাৰগঞ্জ আঞ্চলিক আমছুৰ সভাপতি ওৱাহাব আলী সেখ সাধাৰণ সম্পাদক আছান আলী সেখৰ লগতে শতাধিক সদস্য সকলে সংগঠন আৰু সংবিধানৰ গোপনীয়তাৰ আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কৰে । সভাৰ কাৰ্যসূচী মতে , সভাৰ শেষত আমছুৰ তৰফৰ পৰা অঞ্চলটোৰ দুখীয়া ৰাইজৰ মাজত একোখনকৈ কম্বল বিতৰণ কৰা হয় ।