তিনিচুকীয়াত আপুৰুগীয়া ৮ টা চুৰি বনৰৌসহ তিনিজনক আটক

0
95

তিনিচুকীয়াত আপুৰুগীয়া ৮ টা চুৰি বনৰৌসহ তিনিজনক আটক
দুৰ্নীতিৰ দৰ্পণ সেৱা , সন্তোষ ফুকন , তিনিচুকীয়া , ১৮ ফেব্ৰুৱাৰীঃ অসমৰ বিলুপ্তপ্ৰায় বনৰৌৰ ওপৰতো এতিয়া চোৰৰ সেন চকু পৰিছে । তিনিচুকীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দুজন যুৱক,এগৰাকী যুৱতী চোৰৰ লগতে এটা জীবিত বনৰৌসহ মুঠ ৮ টা বনৰৌ উদ্ধাৰ কৰে।আৰক্ষীয়ে তিনিও চোৰক আটক কৰে। তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ সমীপৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে চোৰসহ বনৰৌ কেইটাক জব্দ কৰে। বহু মূল্যবান আপুৰুগীয়া বনৰৌ কেইটা সৰবৰাহৰ বাবে আনোতেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় তাৎপৰ্যপূৰ্ণ যে ৮ টা বনৰৌৰ ভিতৰত এটা জীৱিত অৱস্থাত আছিল যদিও ৭ টা মৃত আছিল। আটকাধীন দুই যুৱক আৰু যুৱতীক তিনিচুকীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । জানিব পৰা মতে , ধৃত চোৰ কেইটা হৈছে চোমৱক ৱাংগচা,ফাৱাই ৱাংগচা আৰু এগৰাকী মহিলা অৰুনাচল প্ৰদেশৰ লংডিং নিংগনু গাঁৱৰ নিবাসী দুই যুৱক যুৱতী ।সন্দেহ কৰা মতে অৰুণাচলৰ বনাঞ্চলৰ পৰা এই বনৰৌ কেইটা আনিছিল । ৰেল যোগে অসমৰ বাহিৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here