তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ আলিটাঙনীত “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১”

0
105

তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ আলিটাঙনীত “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১”
দুৰ্নীতিৰ দৰ্পণ সেৱা,নজৰুল ইছলাম ,বটদ্ৰৱা,৪ ফেব্ৰুৱাৰীঃ “গ্ৰন্থমেলা মানে জ্ঞান পিপাসুৰ মেলা” বাণীক সৰোগত কৰি নৱ প্ৰজন্মৰ হাতত বন্দুক, মবাইল তুলি দিয়াৰ পৰিবৰ্তে কিতাপ তুলি দিয়াৰ সংকল্পৰে কাইলৈ ৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙনীত অনুষ্ঠিত হব “আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১”। আলিটাঙনী বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগিয়া শিশু গ্ৰন্থমেলা ২০২১ ৰ কাৰ্যসূচী উন্মোচন কৰা হয়। কাৰ্যসূচী অনুসৰি অনুসৰি ৫ ফেব্ৰুৱাৰী পুৱা ৯ বজাত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি, পতাকা উত্তোলন, ৯.৩০ বজাত গছ পুলি ৰোপণ, চিত্ৰকলা প্ৰদৰ্শন উদ্ধোধন, ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, ১ বজাত” সামাজিক মাধ্যমৰ ব্যপক ব্যবহাৰে গ্ৰন্থ অধ্যয়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে” শীৰ্ষক বিষয়ৰ তৰ্ক প্ৰতিযোগিতা, ৩ বজাত গজল প্ৰতিযোগিতা, ৬ বজাত স্থানীয় শিল্পীৰ দ্বাৰা গীত-নৃত্যৰ অনুষ্ঠান। ৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব অভিনেতা নয়ন নিৰ্বান বৰুৱাই। পাছত কবিতা আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, জিকিৰ-জাৰি প্ৰতিযোগিতা, আধুনিক গীতৰ প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব। ৭ ফেব্ৰুৱাৰী পুৱা ৯ বজাত চাফাই অভিযান, বক্তৃতা প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠানৰ পাছত বিয়লি ২ বজাত “অসমীয়া ভাষা সংস্কৃতিলৈ বংগীয় মূলৰ মুছলমানসকলৰ আৱদান” শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হব। আজি আলিটাঙনী শিশু গ্ৰন্থমেলা ২০২১ কাৰ্যসূচী উন্মোচন অনুষ্ঠানত উদ্যোক্তা সমিতিৰ সভাপতি আব্দুল খালেক, সাধাৰণ সম্পাদক আজাহাৰুল ইছলাম, পৰিচালক আবু ছাদিক কবিৰ,অনুষ্ঠান সমন্বয়ক মাজিদুল ইছলামলকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here