দক্ষিণ পাকা গাওঁ পঞ্চায়তত এআইইউডিএফৰ কৰ্মী সভা

    0
    121

    দক্ষিণ পাকা গাওঁ পঞ্চায়তত এআইইউডিএফৰ কৰ্মী সভা

    দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুল জলিল , বৰপেটা , ১০ জানুৱাৰী ঃঃ দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ত এআইইউডিএফৰ এখন কৰ্মী সভা অনুষ্ঠিত কৰে ৷ সভাত সভাপতিত্ব কৰে এআইইউডিএফৰ পঞ্চায়ত সভাপতি ময়নুল হকে ৷ সভাত উপস্থিত থাকে এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ উপ সভানেত্ৰী তথা সমাজ সেৱিকা মিনাক্ষী ৰহমান ৷ সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ সভাপতি আলেপ খান , সম্পাদক আয়ুব আলীকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি তথা দলৰ কৰ্মীসকল উপস্থিত থাকে ৷ সভাখনত মিনাক্ষী ৰহমানে কয় , দলীয় সদস্যৰ উপস্থিতিৰ সংখ্যা কম হয় যদিও কৰ্মী সকলক সাহসেৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷ লগতে কয় , বিধান সভা নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ যিটো পঞ্চায়তৰ পৰা বেছি ভোট প্ৰদান কৰিব বিজয়ী হব পাৰিলে , সেইটো পঞ্চায়তক বিশেষ ভাবে পুৰস্কৃত কৰা হব ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here