দক্ষিণ শালমাৰাত বিধায়ক পুজিৰ দমকল বিতৰণত লুষ্ঠন , ৱাজেদৰ ঘনিষ্ট দুই ঠিকাদাৰক মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাৰ তলব

0
907

দক্ষিণ শালমাৰাত বিধায়ক পুজিৰ দমকল বিতৰণত লুষ্ঠন , ৱাজেদৰ ঘনিষ্ট দুই ঠিকাদাৰক মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাৰ তলব
দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , গৌৰীপুৰ , ১৪ মাৰ্চ : এটা দৰিদ্ৰ পৰিয়ালৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভৰি দি অতি কম সময়ৰ ভিতৰতে বিশাল সম্পত্তিৰ গৰাকী হোৱাৰ সমন্তৰালে ৰাজ্যৰ ৰাজনীতিত নিজৰ স্থান গঢ়িবলৈ সক্ষম হোৱা প্ৰাক্তন বিধায়ক ৱাজেদ আলী চৌধুৰীৰ শেহতীয়া পাচবছৰীয়া কাৰ্যকালতো ভয়াৱহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য লাভ কৰি সমষ্টিটোৰ মাজেৰ চৰ গাৱৰ আব্দুল মান্নান সেখে ৱাজেদৰ বিধায়ক পুজিৰ আচনি ৰূপায়ণত ভয়াৱহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি ,২০১৬-১৭,২০১৭-১৮,২০১৮-১৯ ত দক্ষিণ শালমাৰাত বিধায়ক পুজিৰ পৰা মুঠ ২ কোটি ৬৩ লাখ ৮০ হেজাৰ টকাৰে ১৯৭৩ গৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ মাজত খোৱা পানীৰ সুবিধাৰ্থে দমকল বিতৰণ কৰা হৈছে । কিন্তু নামমাত্ৰ দমকলৰ নিম্নমানৰ হেড , দুৰ্বল পাইপৰ যোগদান ধৰি ৱাজেদৰ ঘণিষ্ট ঠিকাদাৰ , বিভাগীয় কণিষ্ঠ অভিযন্তাই মিলি আঁচনিৰ বাকী সমূলি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মীজনে । ইয়াৰে ২০১৬-১৭ বৰ্ষত বিধায়ক পুজিৰ ১ লাখ ৯৫ হেজাৰ ৭৬৭ টকাৰে পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ ২২ গৰাকী দৰিদ্ৰৰ মাজত দমকল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছিল বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ে । আঁচনি মতে , মায়া কোম্পানীৰ দমকলৰ প্ৰতিখন হেড ক্ৰয়ৰ বাবে আবণ্টন দিয়া হৈছিল ১৯৭৫ টকা , ৪০ এম এম প্ৰতিটো জি আই পাইপৰ বাবে ৫৪২ টকা , ৪০ এম এম প্ৰতিটো পি ভি ছি পাইপৰ বাবে ১৭৬১ টকা , প্ৰতিটো পি ভি ছি ফিল্টাৰৰ বাবে ৩০০ টকাকৈ , প্ৰতিটো বৰিং বাবদ ১১৮১ টকা , মজিয়া পকীকৰণৰ বাবে ৩১০০ টকাকৈ আবণ্টন দিছিল বিভাগীয় কৰ্তৃপক্ষই । আঁচনিৰ দমকল আৰু সামগ্ৰী বোৰ যোগান ধৰাৰ ঠিকা লাভ কৰিছিল বিধায়ক ৱাজেদ আলী চৌধুৰীৰ অতি ঘণিষ্ট ঠিকাদাৰ’ৰহিম এণ্টাৰপ্ৰাইজ’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী ৰহিম উদ্দিনে । প্ৰাক্তন বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এই গৰাকী দুৰ্নীতি পৰায়ণ ঠিকাদাৰে ২২ গৰাকী হিতাধিকাৰীক অতি নিম্নমানৰ দমকলৰ হেড , আঁচনি বৰ্হিভুত পাইপৰ যোগান ধৰি প্ৰতিটো বৰিঙৰ ১১৮১ টকাকৈ আৰু মজিয়া পকীকৰণৰ ৩১০০ টকাকৈ আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । অভিযোগ মতে , ৰহিম এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী ৰহিমে বিভাগীয় অভিযন্তা , বিডিঅক সৈমান কৰি ২২ গৰাকী হিতাধিকাৰীৰ এটা দমকলৰ মজিয়াও পকীকৰণ কৰা নাই । আনহাতে , দমকল মজিয়া পকীকৰণ আৰু বৰিঙৰ ভুৱা বিল দাখিল কৰি বিৰসিং জৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা সমূলি ধনৰাশি তুলি আত্মসাৎ কৰে । তেনেদৰে কংগ্ৰেছী বিধায়ক ৱাজেদৰ আনজন ঘণিষ্ট ঠিকাদাৰ মোজাফৰ হুছেইনে ২০১৭-১৮,২০১৮-১৯ বৰ্ষত বিধায়ক পুজিৰ দমকল বিতৰণৰ ঠিকি লাভ কৰি একেদৰেই বিৰসিং জৰুৱা আৰু দক্ষিণ শালমাৰা ব্লক দুখনৰ অন্তৰ্গত ১৪১৯ গৰাকী হিতাধিকাৰীৰ মাজত ৮২ লাখ ৬০ হেজাৰ টকাৰ দমকল বিতৰণৰ ঠিকা লাভ কৰিছিল । উত্থাপিত অভিযোগ মতে , এই গৰাকী ঠিকাদাৰে আঁচনি বৰ্হিভুতভাবে নিম্নমানৰ দমকলৰ হেড , পাইপৰ যোগান ধৰি বৰিঙৰ সমূলি ধন হজম কৰে।তেনেদৰেই ঠিকাদাৰ মোজাফৰ হুছেইনে ২০১৮-১৯ বৰ্ষত বিৰসিং জৰুৱা আৰু দক্ষিণ শালমাৰা খণ্ড উন্নয়ন কাৰ্যালয় দুটাৰ অন্তৰ্গত ১৫১ গৰাকী হিতাধিকাৰীক শৌৰশক্তি চালিত বিজুলী যোগান দিয়াৰ নামত বিধায়ক পুজিৰ অধীনত ৫২ লাখ ৪৭ হেজাৰ ২৫০ টকাৰ আৱণ্টন লাভ কৰিছিল । কিন্তু মোজাফৰে কাৰ্যালয় দুটাত দাখিল কৰা Cash memo ত কোনো কোম্পানীৰ নাম নিদিয়াকৈ আঁচনিৰ সিংহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় আব্দুল মান্নান সেখ আৰু আনোৱাৰ হুছেইন নামৰ ব্যক্তি দ্বয়ে । ঘটনা সন্দৰ্ভত অভিযোগ কাৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখালৈ অভিযোগ পত্ৰ দাখিল কৰিছে । উক্ত অভিযোগৰ ভিত্তিত দুৰ্নীতি পৰায়ণ ঠিকাদাৰ দুজনক মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাৰ পৰিদৰ্শকে গুৱাহাটীস্থিত তদন্তকাৰী শাখাৰ কাৰ্যালয়ত ১৫ মাৰ্চত মোজাফৰক আৰু ১৭ মাৰ্চত ৰহিমক উপস্থিত হবলৈ তলব কৰিছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাই ৱাজেদৰ ঘণিষ্ট ঠিকাদাৰ দুজনক তলব কৰাৰ পাছতেই নিদ্ৰা হৰণ হৈছে । ইয়াৰ লগত জড়িত বিষয়া কৰ্মীৰ লগতে ৰৌ বৰালিৰ । উল্লেখযোগ্য যে , ধুবুৰীৰ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী তথা বিজেপি নেতা শৰনাপন্ন হৈ উক্ত বিয়াগোম দুৰ্নীতি গাপ দিবলৈ ঠিকাদৰ দুয়োই চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here