দক্ষিণ শালমাৰাত সৰ্ব ভাৰতীয় মেডিকেল বাচনি পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰক আছুৰ সম্বৰ্ধনা 

0
1604
দক্ষিণ শালমাৰাত সৰ্ব ভাৰতীয় মেডিকেল বাচনি পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰক আছুৰ সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ১৭ অক্টোবৰ : সদ্য ঘোষিত 2020 বৰ্ষৰ সৰ্ব ভাৰতীয় মেডিকেল বাচনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ  দক্ষিণ শালমাৰাত গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ সকলক সম্বৰ্ধনা জনোৱাৰ বাবে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৱে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে । সভা খনত সভাপতিত্ব কৰে স্হানীয় শিক্ষাবিদ আমিৰ হামজা চাহাবে । উক্ত অনুষ্ঠানত 625 নম্বৰ লাভ কৰা আশিক ইকবল 606 নম্বৰ লাভ কৰা গোলাম মোস্তফা আৰু 605 নম্বৰ লাভ কৰা ৰিজাৱানুল ইছলামক আছুৰ কৰ্ম কৰ্তা সকলে ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্ঠানটোত ভাগ লয় দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী , উপ সভাপতি শাহীন জাবেদ আহমেদ  লগতে স্হানীয় সমাজ সচেতন ব্যক্তি সকল । সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে কৃতি ছাত্ৰ সকলক পৰামৰ্শ আগবঢ়াই কয় , মনোযোগেৰে ভাল দৰে লিখা পঢ়াৰ লগতে কঠোৰ পৰিশ্ৰম কৰি এজন সুদক্ষ চিকিৎসক হৈ যাতে নিজ নিজ অঞ্চলৰ সুনাম কঢ়িয়াই আনি ৰাইজৰ সেৱা আৰু দেশৰ সেৱা আগবঢ়ায় , তাৰ বাবে সকলোকে আহ্বান জনায়।