দক্ষিণ শালমাৰাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস পালন
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ধুবুৰী , ৬ ফেব্ৰুৱাৰীঃ বিশ্ব কৰ্কট দিৱস উপলক্ষ্যে দক্ষিণ শালমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আন্তৰ্গত কুশবাৰী , আইৰ কাটা,ৰাভাৰ চালা,ফলিমাৰী আদি দহখন মান স্বাস্থ্য আৰু পৰিয়াল কল্যান কেন্দ্ৰত কৰ্কট ৰোগ সম্পৰ্কে সজাগতা সভা আৰু মুখ আৰু স্থনৰ পৰীক্ষা কৰা হয় ৷ উক্ত কাৰ্য্যসূচীত স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ সমূহৰ সমূহীয়া স্বাস্থ্য বিষয়া (community Health Officer) এ এন এম , আশাৰ লগতে পিৰামল স্বাস্থ্যৰ দক্ষিণ শালমাৰাৰ খণ্ড ৰূপান্তৰণ বিষয়াদ্বয় ছিৰাজুল ইছলাম আৰু হজৰত আলী আহমেদো উপস্থিত থাকি ৰাইজৰ মাজত কৰ্কট ৰোগৰ লক্ষণ , বিভিন্ন কাৰণ সমূহৰ লগতো এই মাৰাত্মক ৰোগৰ পৰা কেনেদৰে সাত সাৰিব পাৰি , তাৰ ওপৰত সজাগতা মূলক ভাষণ দিয়ে ৷  আনহাতে , দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আচনি প্ৰৱন্ধক নুৰ আলম মোল্লাই জানিবলৈ দিয়ে যে আজিৰ কৰ্কট ৰোগী পৰীক্ষা কাৰ্য্যসূচীত এজনো ৰোগী পোৱা হোৱা নাই আৰু তেখেতে ৰাইজক সময়ে সময়ে আহি স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ সমূহত পৰীক্ষা কৰাবলৈও ৰাইজক আহ্বান জনায় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here