দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত কংগ্ৰেছ,এআইইউডিএফৰ দুৰ্গত মোক্ষম আঘাত , নতুনকৈ এন চি পিৰ আৱিৰ্ভাৱত দিশহাৰা প্ৰাক্তন মন্ত্রী তথা বিধায়ক ওৱাজেদ আলী চৌধুৰী

    0
    128

    দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত কংগ্ৰেছ,এআইইউডিএফৰ দুৰ্গত মোক্ষম আঘাত , নতুনকৈ এন চি পিৰ আৱিৰ্ভাৱত দিশহাৰা প্ৰাক্তন মন্ত্রী তথা বিধায়ক ওৱাজেদ আলী চৌধুৰী

    দুৰ্নীতিৰ দৰ্পণ সেৱা ,ছামচুল হক সেখ ,বিশেষ সেৱা, ধুবুৰী , ১৯ ফেব্ৰুৱাৰী : ৰাজ্য খনৰ বিধান সভাৰ নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ প্ৰাকমূহুৰ্তত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰচাৰ কাৰ্য্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । ঠিক তেনেদৰে পিছ পৰি থকা নাই শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ।নামনি অসমৰ অবিভক্ত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত এক আছুতীয়া নিয়ম প্ৰচলিত হৈ আহিছে যদিও ২০২১ চনৰ নিৰ্বাচনত উক্ত প্ৰচলিত নিয়ম কেনেপ্ৰভাৱ পেলায় তাকে লৈ সমষ্টি খনত চলিছে নানা জল্পনা কল্পনা । ঘটনাৰ বিৱৰণী মতে, দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত প্ৰাক্তন বিধায়কদ্বয় বজলুল বাসিত আৰু দেৱান জয়নাল আবেদিন তিনিটা কাৰ্য্যকাল অৰ্থাৎ পোন্ধৰ বছৰ শাসন কৰাৰ পিছত সমষ্টি খনৰ ৰাইজে বিধায়ক দুগৰাকীক প্ৰত্যাখ্যান কৰাৰ দৰে এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল অৰ্থাৎ পিতা পুত্র দুয়ো মিলি প্ৰায় পোন্ধৰ বছৰ মান সমষ্টি খনত প্ৰতিনিধিত্ব কৰাৰ পিছত সমষ্টি খনৰ ভোটাৰ ৰাইজে আজমল পিতা পুত্রক সমষ্টি খনৰ পৰা এক প্ৰকাৰ প্ৰত্যাখ্যান কৰ পৰিলক্ষিত হৈছে । ইফালে , কংগ্ৰেছ দলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহাপ্ৰতাপী নেতা প্ৰাক্তন মন্ত্রী তথা বৰ্তমানৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীক যোৱা বিধান সভাৰ নিৰ্বাচনতেই প্ৰত্যাখ্যান কৰিলে হেঁতেন । কিন্তু সমষ্টি খনত আজমল পুত্রৰ অকৰ্মণ্যতা আৰু উপযুক্ত নেতাৰ অভাৱত ওৱাজেদ আলী চৌধুৰী অপ্ৰতিৰোধ্য নেতা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে সমষ্টি খনত আৱিৰ্ভাৱ ঘটিছে শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিৰ । যাৰ ফলত সমষ্টি খনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ শিবিৰত মোক্ষম আঘাত কৰা পৰিলক্ষিত হৈছে । কিয়নো সমষ্টি খনত এ আই ইউ ডি এফ দলৰ পৰা স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰতিশ্ৰুতি দীৰ্ঘদিনীয়া যদিও আজমল পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি খনত স্থানীয় প্ৰাৰ্থীত্ব প্ৰক্ষেপ নকৰাত এই বেলি দলটোৰ জেষ্ঠ্য নেতা কৰ্মীয়ে লেংমৰা ৰাজনীতি কৰাৰ বু – বা চলা পৰিলক্ষিত হৈছে । আনফালে কংগ্ৰেছ দলৰ মহাপ্ৰতাপী নেতা প্ৰাক্তন মন্ত্রী তথা বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ দালাল ৰাজ প্ৰথাৰ পৰা মুক্ত হব লৈ সমষ্টিবাসী ভোটাৰ ৰাইজে পৰিত্রাণ বিচাৰি থকাৰ সময়তে দক্ষিণ শালমাৰা বিধান সভা সমষ্টিৰ স্থায়ী বাসিন্দা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জেনাত মোল্লাই সমষ্টি খনত ভুমুকি মৰাত দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত ৰাজনৈতিক পথাৰ খন আউল লগা পৰিলক্ষিত হৈছে । স্মৰ্তব্য যে, সমষ্টি খনত অধিবক্তা জেনাত মোল্লাই সুদীৰ্ঘ এবছৰৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ যন্ত্ৰচালিত নাওঁৰে ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰা কাৰ্য্যই আল্পুত হৈ পৰিছে সমষ্টি খনৰ বিশেষকৈ দুখীয়া শ্ৰেণীৰ ভোটাৰৰ লগতে সৰ্ব সাধাৰণ ৰাইজে । সমষ্টি খনত এম জি এনৰেগা আঁচনিৰ শ্ৰমিকক ৰাম ঠগন দি অহাৰ অভিযোগ উত্থাপন কৰে এন চি পিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী জেনাত মোল্লাই । লগতে কয় যে এম জি এনৰেগা আঁচনিৰ অধীনত জৱকাৰ্ড শ্ৰমিক সকলৰ এশ দিনৰ মজুৰি মধ্যভোগী দালালে হজম কৰি আহিছে । মই যদি নিৰ্বাচনত জয়লাভ কৰিব পাৰো তেন্তে উক্ত দালালৰ পেটৰ পৰা দৰিদ্ৰ জৱকাৰ্ড শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় কৰি ভুক্তভোগী সকলক প্ৰদান কৰিব বুলি ক্ষোভ প্ৰকাশ কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here