দক্ষিণ শালমাৰা মানকাচৰ জিলা হোমিওপেথিক চিকিৎসক সন্থাৰ স্মাৰকপত্ৰ প্ৰদান , অনুজ্ঞা পত্ৰ নথকা হোমিওপেথিকৰ ফাৰ্মাচী বন্ধ কৰাৰ দাবী

    0
    58

    দক্ষিণ শালমাৰা মানকাচৰ জিলা হোমিওপেথিক চিকিৎসক সন্থাৰ স্মাৰকপত্ৰ প্ৰদান , অনুজ্ঞা পত্ৰ নথকা হোমিওপেথিকৰ ফাৰ্মাচী বন্ধ কৰাৰ দাবী
    দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ১৮ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত দিনক দিনে কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ হোমিওপেথিক ফাৰ্মাচী । এনে ফাৰ্মাচী সমুহ বন্ধ কৰাৰ দাবীত দক্ষিণ শালমাৰা মানকাচৰ জিলা হোমিওপেথিক চিকিৎসক সন্থাই জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে । যি সময়ত ভাৰত চৰকাৰে হোমিওপেথিক চিকিৎসা বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে , ঠিক সেই সময়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাত কিছুমান অনুজ্ঞা পত্ৰ অবিহনেই হোমিওপেথিক চিকিৎসকে হোমিওপেথিক চিকিৎসা ধংসৰ পথলৈ ঠেলি লৈ গৈ আছে বুলি সন্থাখনৰ সভাপতি সম্পাদকে জানিবলৈ দিয়ে ৷ এনেকুৱা অনুজ্ঞা পত্ৰ নথকা চিকিৎসক সকলোকে অসম চৰকাৰৰ হোমিও বৰ্ডৰ কোনো ধৰণৰ পঞ্জীয়ন নম্বৰ নথকা স্বত্বেও নগৰ-চহৰ,গাঁৱে-ভূঞে,এনে ফাৰ্মাচী খুলি ৰমৰমীয়া ব্যৱসা চলাই আছে বুলি অভিযোগ উত্থাপন কৰে । এই ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত সৰ্বাধিক এনে হোমিওপেথিক ফাৰ্মাচী আছে বুলি সাংবাদিকক জনায় ৷ মনকৰিবলগীয়া কথা যে , হোমিওপেথিক চিকিৎসা অধ্যায়ন কৰাৰ বাবে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতো ছি ই ই, এন,ই,টি, আদি পৰীক্ষাত ভাল দৰে উত্তীৰ্ণ হোৱাৰ পিছতহে চিকিৎসা মহাবিদ্যালয় সমুহত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰে।ইয়াৰ পিছত সম্পূৰ্ণ পাচঁ বছৰ ছয় মাহৰ পাঠ্যক্ৰম শেষ কৰি ডিগ্ৰী লোৱাৰ পিছত চিকিৎসকৰ পঞ্জীয়ন নম্বৰ প্ৰদান কৰে। সেই ক্ষেত্ৰত চিকিৎসকৰ নিম্নতম জ্ঞান নথকা এনে হোমিওপেথিক চিকিৎসকে কেনেকৈ প্ৰশাসনৰ সম্মুখত ফাৰ্মাচী খুলি অবৈধ ভাবে ৰমৰমীয়া ব্যৱসায় চলাই আছে , সেইটোৱে লক্ষ্যণীয় বিষয় হৈ পৰিছে । এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওচৰত হোমিওপেথিক সন্থায় দাবী জনায় অতি সোনকালে এইবোৰ হোমিওপেথিক ফাৰ্মাচী সমূহ বন্ধ কৰিবলৈ ৷ এতিয়া জিলা প্ৰশাসনে এই অবৈধ হোমিওপেথিক চিকিৎসক সকলোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে , সেয়া পৰবৰ্তী সময়ত হব লক্ষণীয় ৷

    SHARE
    Previous articleডিগবৈত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী
    Next articleমৰিগাঁৱৰ ম’হযুঁজ,যাত্ৰা পাৰ্টিত জুৱাৰ আড্ডা
    দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত বাতৰি কাকত ২০১৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমে ধুবুৰীৰ পৰা প্ৰকাশ হয় সাপ্তাহিক কাকত দুৰ্নীতিৰ দৰ্পণ(RNI Registration No. AssAss/2014/59694) আৰু ২০১৫ চনৰ ১৩ জানুৱাৰীত ধুবুৰীৰ পৰা দৈনিক হিচাপে প্ৰকাশ পায় দুৰ্নীতিৰ দৰ্পণ (RNI Registration No. AssAss/2015/71505) । ইয়াৰ পিছত ২০১৯ চনৰ ৪ আগষ্টত গুৱাহাটীত নতুন সংস্কৰণ আৰম্ভ কৰা হয় । প্ৰকাশক আৰু সম্পাদকঃ ছায়েদ আলী খান । যোগাযোগঃ doornitirdarpan2014@gmail.com sayeddhubri@gmail.com website : www.doornitirdarpan.in

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here