দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি অসম ৰাজ্যিক কৃষক সভাৰ সমৰ্থন , কৃষি আইন বাতিলৰ দাবীত বৰপেটাত কৃষক সভাৰ অনশন ধৰ্মঘট

0
99

দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি অসম ৰাজ্যিক কৃষক সভাৰ সমৰ্থন , কৃষি আইন বাতিলৰ দাবীত বৰপেটাত কৃষক সভাৰ অনশন ধৰ্মঘট
দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰতিবেদক , হাউলী ,বৰপেটা,৩০ জানুৱাৰীঃ সম্প্ৰতি গৃহদপ্তৰৰ ষড়যন্ত্ৰ অনুসৰি বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বত দিল্লীৰ লালকিল্লাত নিচান চাহিব উত্তোলন কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক সভাই । সেয়ে দিল্লীৰ কৃষক আন্দোলনৰ প্ৰতি অসম ৰাজ্যিক কৃষক সভাৰ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷ আজি কৃষি আইন বাতিলৰ দাবীত বৰপেটাত কৃষক সভাই অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত নিখিল ভাৰত কৃষক সভাৰ দেশজুৰি আহ্বান জনোৱা অনশন ধৰ্মঘট কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটাতো ৰূপায়ন কৰা হৈছে অনশন ধৰ্মঘট কাৰ্যসূচী ৷ বৰপেটা ট্ৰাক শ্ৰমিক ইউনিয়ন সমীপত কৃষি আইন বাতিলৰ দাবীত বৰপেটাৰ নিখিল ভাৰত কৃষক সভাই অনশন ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক বিৰোধী কলা আইনৰ বিৰুদ্ধে সকলো দেশবাসীক ঐক্যৱদ্ধ হোৱাৰ আহ্বান জনায় সভাই ৷ আজি পুৱা ন-বজাৰ পৰা আবেলি তিনি বজালৈ পালন কৰা অনশনস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন নচলিব , কৃষক বিৰোধী কলা আইনৰ বিৰুদ্ধে সকলো মানুহ এক হওক, ইনক্লাৱ জিন্দাবাদ,কৃষক ঐক্য জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কৃষক আন্দোলনক মষিমুৰ কৰাৰ উদ্দেশ্যৰেই কেন্দ্ৰীয় চৰকাৰৰ গৃহদপ্তৰৰ ষড়যন্ত্ৰ অনুসৰি বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ নেতৃত্বত দিল্লীৰ লালকিল্লাত নিচান চাহিব উত্তোলন কৰাৰ অভিযোগ তোলে বৰপেটা জিলাৰ কৃষক সভাৰ নেতৃবৃন্দই ৷ লগতে কৃষক আন্দোলনক বিপথে পৰিচালিত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰক ধিক্কাৰ জনায় কৃষক সভাই ৷ আনহাতে , আজিৰ এই দিনটোতে আৰ এছ এছৰ গুণ্ডাসকলে জাতিৰ পিতা মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰা বুলি মন্তব্য কৃষক নেতাই মন্তব্য কৰে ৷ তদুপৰি শ্বহীদ দিৱসৰ এই দিনটোতে কৃষি আইন বাতিলৰ দাবীত সমগ্ৰ দেশতে আহ্বান জনোৱা অনশন কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুুৰ ৰহমানে জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here