দুলীয়াজানত এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত অংগদান কাৰ্য্যসূচী সম্পন্ন , ৫০ গৰাকীৰ অংগদান

    0
    76

    দুলীয়াজানত এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত অংগদান কাৰ্য্যসূচী সম্পন্ন , ৫০ গৰাকীৰ অংগদান
    ৰাজীৱ গগৈ , দুলীয়াজান , ২৫ ফেব্ৰুৱাৰীঃ দুলীয়াজান সমষ্টিৰ এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত তথা বেচৰকাৰী অনুষ্ঠান মা ফাউণ্ডেশ্যন , জুবলী ফাউণ্ডেশ্যন আৰু প্ৰতিজ্ঞাৰ সহযোগত আজি এক মহৎ অনুষ্ঠান অংগদান কাৰ্য্যসূচী সম্পন্ন হয় । দুলীয়াজানস্হিত আই অ’ ডব্লিউ ইউ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্য্যসূচীত দুলীয়াজান সমষ্টিৰ যুৱ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে অংগদান কৰা বিষয়ে ঘোষণা কৰা লগতে প্ৰায় ৫০ গৰাকী সদস্যই স্বেচ্ছাই অংগদান কৰিবলৈ আগবাঢ়ি আহে । টিপলিং মণ্ডল কংগ্ৰেছৰ সভাপতি পলাশ ৰাজখোৱাই আঁত ধৰা সভাখনত ধ্ৰুৱজ্যোতি গগৈৰ লগতে টেঙাখাট ব্লক কংগ্ৰেছ কমিটিৰ উপসভাপতি নীল দত্ত,দুলীয়াজান যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালী,আই অ’ডব্লিউ ইউৰ সম্পাদক ভাস্কৰজ্যোতি বৰা আৰু জুবলী ফাউণ্ডেশ্যনৰ পল্লৱী মল্লিকে মানৱ জাতিৰ অংগদানৰ সুফলতাৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । কাৰ্যসূচীত সক্ৰিয়ভাৱে উপস্থিত থাকে এন এছ ইউ আইৰ সভাপতি দিব্যৰঞ্জন বৰুৱা , মা ফাউণ্ডেশ্যনৰ সভাপতি ৰাজীৱ গগৈ,প্ৰতিজ্ঞাৰ মনোজ দত্ত প্ৰমুখ্যে এন এছ ইউ আই আৰু বেচৰকাৰী সংস্হাৰ সৈতে জড়িত শতাধিক লোক ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here