“দুৰ্নীতিৰ দৰ্পণ”ৰ সাংবাদিক মনমূল হকৰ জানাজা সম্পন্ন , বিভিন্ন দল সংগঠনৰ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন

    0
    211

    “দুৰ্নীতিৰ দৰ্পণ”ৰ সাংবাদিক মনমূল হকৰ জানাজা সম্পন্ন , বিভিন্ন দল সংগঠনৰ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন
    দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুল জলিল , ০১ জানুৱাৰীঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ চকিৰভিঠাৰ নিষ্ঠাৱান ,সৎ সাংবাদিক মনমূল হক(৫০)ৰ কালি দেহাৱসান ঘটে । কালি আবেলি তেওঁ ঘৰতে হঠাৎ উচ্চ ৰক্ত চাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত ভৰ্ত্তি কৰায় যদিও আবেলি ০৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে । এই খবৰে সমগ্ৰ কয়াকুছিতে শোকৰ ছাঁ পেলায় । ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিয়ে মনমূল হকৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আজি ৰাতিপুৱা ১০ বজাত নিষ্ঠাবান সাংবাদিক মনমূল হকৰ জানাজা সম্পন্ন হয়। জানাজাত কেইবা শ শ ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ,২০১৪ চনৰ পৰাই সংবাদ ক্ষেত্ৰত পদাৰ্পণ কৰা কয়াকুছিৰ চকিৰভিঠা নিবাসী ফটিক আলীৰ সুসন্তান মনমূল হকে নিউজ ৩০ , দৈনন্দিন বাৰ্তা , দুৰ্নীতিৰ দৰ্পণ, দৈনিক পৰিক্ৰমা আদি দৈনিক কাকতৰ লগতে ৱেব পৰ্টেলতো স্থানীয় সাংবাদিক হিচাপে কাম কৰি আহিছে । ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন চমুকৈ ইজা”ৰ বৰপেটা জিলা সমিতিৰ তেওঁ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ সমাজৰ মংগল সাধনত অংশীদাৰ আছিল । মৃত্যুৰ সময়ত মনমূল হকে পত্নী , দুগৰাকী পুত্ৰ , এগৰাকী কন্যাৰ লগতে বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় । আজি মনমূল হকৰ ঘৰত উপস্থিত হয় তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা , সৰভোগৰ সাংবাদিক ৰমিজ তালুকদাৰ , বালাভিঠাৰ সাংবাদিক ৰফিকুল ইছলাম , ইন্ডিয়ান জাৰ্ণালিষ্ট এচোছিয়েশ্যনৰ বৰপেটা জিলাৰ সভাপতি আব্দুল জলিল , ডাঃ আব্দুল কদ্দুছ শিকদাৰ সঞ্চালক এছিয়ান মিছন ইনশ্টিটিউট , আমছুৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি তোতা মিঞা , কয়াকুছি শাখা সাহিত্য সভাৰ সভাপতি , সম্পাদক তালেবৰ ৰহমান , হান্নান আলী আহমেদ ,বাঘবৰ প্ৰেছ ক্লাবৰ সভাপতি শ্বহিদুল ইছলাম , চি পি আই এমৰ কয়াকুছি আঞ্চলিক সমিতিৰ সম্পাদক পিয়াৰুল ইছলাম , ৰাইজৰ দলৰ আহ্বায়ক মনিৰুজ্জামান , আব্দুল জলিল , বিজেপিৰ পাকাবেতবাৰী মন্ডলৰ সভাপতি ধনমনি ডেকা , কিষান মৰ্চাৰ পাকা বেতবাৰী মন্ডলৰ প্ৰাক্তন সভাপতি কমল পাঠক , বিশিষ্ট সমাজকৰ্মী জালাল উদ্দিন ভূঞা ,মধ্যবেতবাৰী গাওঁ পঞ্চায়তৰ সভাপতি দেৱান মোশাৰফ হুছেইনকে আদি কৰি কেইবা শতাধিক লোক জানাজাত উপস্থিত হোৱাৰ লগেত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । দুৰ্নীতিৰ দৰ্পণ কাকতৰ তৰফৰ পৰাও সাংবাদিক মনমূল হকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।