দেৰগাঁও সমষ্টিৰ অগপ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভড়ালী আৰু গণ শক্তিৰ আলোচনা

    0
    91

    দেৰগাঁও সমষ্টিৰ অগপ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভড়ালী আৰু গনশক্তিৰ আলোচনা

    দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ১৩ মাৰ্চঃ আজি দেৰগাঁও বিধানসভা সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী(অগপৰ)ভৱেন্দ্ৰ নাথ ভড়ালীয়ে দেৰগাঁও দিচৈ চাৰিআলিৰ কাৰ্যালয়ত সন্মিলিত গণশক্তি অসমৰ লগত নিৰ্বাচন সম্পৰ্কীয় এক আলোচনাত মিলিত হয় । আলোচনা কালত সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সম্পাদক পুৰুষোত্তম দলে,জিতেন্দ্ৰ টাউদ,নিতুল বড়ি,দিপু মিলি ,ৰমেন দলে, তিলোচন পেগুকে আদিকৰি কেবাজনো বিষয়ববীয়াৰ উপস্থিতিত মিলিত হোৱা আলোচনাত আগন্তক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে বিশেষ আলোচনাা কৰা হয় । আলোচনা কালত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য নিবাহক সদস্য বিক্ৰম দাস, জ্যেষ্ঠ অগপ নেতা নিত্যেন ঠাকুৰ,যুৱনেতা আলাউদ্দিন চুলতান,অগপ গোলাঘাট মহকুমাৰ সম্পাদক জিতুমণি শৰ্মা আদিয়ে অগপ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভড়ালীক সংগ প্ৰদান কৰে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here