দেৰগাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা , বছৰি একলাখ নিৱনুৱাক সংস্থাপনৰ গেৰান্টি সাংসদ গৌৰৱ গগৈৰ

    0
    85

    দেৰগাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা , বছৰি একলাখ নিৱনুৱাক সংস্থাপনৰ গেৰান্টি সাংসদ গৌৰৱ গগৈৰ

    দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ১২ মাৰ্চঃ এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হব’।বছৰি ১লাখকৈ ৫ লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াকে ধৰি দলৰ ৫ টা গেৰাণ্টি ৰ কথা উল্লেখ কৰি দেৰগাঁৱৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।দেৰগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাণী হাজৰিকাৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংসদ তথা লোকসভাৰ বিৰোধীদলৰ উপদলপতি গৌৰৱ গগৈয়ে শাসকীয় বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি শান্তি সম্প্ৰীতি আৰু প্ৰকৃত উন্নয়নৰ স্বাৰ্থত এইবাৰ নিৰ্বাচন ত ৰাইজক কংগ্ৰেছৰ সপক্ষে ভোটদান কৰিবলৈ আহবান জনায় । দেৰগাঁৱৰ নেঘেৰিটিং সাপ্তাহিক বজাৰ গৃহত অনুষ্ঠিত কংগ্ৰেছ দলৰ এই নিৰ্বাচনী সভাত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।কাকডোঙা আৰু দেৰগাও নগৰ ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত বিশাল কৰ্ম্মী সভাত দেৰগাও সমষ্টিৰ প্ৰাৰ্থী বাণী হাজৰিকাই ভাষণ ৰাখি সমষ্টি বাসীৰ মৰম আৰু সাহস কামণা কৰে।ৰাইজৰ স্বাভিমান আৰু আত্ম উপলব্ধিক সন্মান জনাই অনাগত দিনত ৰাইজৰ বাবে হৃদয় উজাৰি কাম কৰি যোৱাৰ তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ব্লকসভাপতি ভৱেন গগৈয়ে আঁতধৰা সভাত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে,যোৰহাট জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কৃষ্ণ কান্ত দাসেও ভাষণ দিয়ে।দলীয় প্ৰাৰ্থীত্বৰ বঞ্চিত দাবীদাৰ কৃষ্ণ কান্ত দাসে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হলেও কোনো আক্ষেপ নাই বুলি ব্যক্ত কৰি উন্নয়নৰ স্বাৰ্থত ৰাইজক দলীয় প্ৰাৰ্থী বাণী হাজৰিকাক জয়ী কৰাবলৈ আহবান জনাই।দলীয় নেতা ইন্দজিৎ পেগু, ৰাতুল নেওগ, বিনন্দ সন্দিকৈ, দেৱব্ৰত ফুকন, মনজিৎ চাংমাই, দুৰ্গা যাদৱ , নয়নজোতি নাইডিংচা প্ৰমুখ্যে জিলা আৰু ব্লক পয্যায়ৰ কেবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰা বিশাল জনসভাত নিৰ্বাচনী ৰণডংকা বজাই সাংসদ গৌৰৱ গগৈয়ে বিজেপিক সমালোচনা কৰি কয় যে এইখন চৰকাৰে ৰাইজক একো দিয়া নাই,বৰঞ্চ মূল্যবৃদ্ধি ৰে ৰাইজৰ পৰা শোষণহে চলাইছে।মুখ্যমন্ত্ৰী সোনোৱালক কটাক্ষ কৰি তেও কয়,নামত জাতীয় নায়ক হলেই ন’হব, খিলঞ্জীয়াক সংস্থাপন দিবও পাৰিব লাগিব। পচিশ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দি যোৱা পাাঁচবছৰত এই চৰকাৰখনে একলাখো চাকৰি দিব নোৱাৰিলে।বিজেপি চৰকাৰক ধিক্কাৰ দি তেওঁ কংগ্ৰেছ শাসনলৈ আহিলে পাঁচলাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মাইক্ৰফাইনেঞ্চৰ ঋণৰ বোজা মাফ কৰাৰ উপৰি গৃহিণীসকলক মাহে দুহেজাৰকৈ টকা ,দুশ ইউনিটলৈকে বিদ্যুত বিল মাফ, কা বাতিলকে ধৰি পাচটা গেৰান্টি দি সকলোকে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী ক জয়ী কৰাবলৈ তেওঁ আহবান জনাই। কা আন্দোলনৰ সময়ত শ্বহীদ হোৱা পাাঁচজনকৈ যুৱকৰ নাম উল্লেখ কৰি সাংসদজনে এইসকল শ্বহীদৰ বলিদান, জাতিপ্ৰেম অথলে যাবলৈ দিয়া নহব বুলি ব্যক্ত কৰে। শংকৰ-আজান, জ্যোতি-বিষ্ণুু, ভূপেন হাজৰিকাৰ সম্প্ৰীতিৰ অসমত বিভেদ সিঁচিবলৈ কেতিয়াও দিয়া নহব বুলি ব্যক্ত কৰে সাংসদজনে। অন্যহাতে, দিচপুৰৰ পৰা দেৰগাঁৱলৈ কংগ্ৰেছ ত সকলোৱে এতিয়া একগোট হৈ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠনৰ প্ৰস্তুতি চলাই আছে বুলি সদৰী কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here