দেৰগাঁৱত বিশ্বমানৰ পুলিচ একাডেমিৰ ভূমি পূজন , চৰকাৰৰ চিন্তাত এতিয়া মনৱীয়তা আছেঃ মুখ্যমন্ত্ৰী
দেৰগাঁৱৰ পৰা ৰাতুল বৰা, সহ সম্পাদক,২৫ ফেব্ৰুৱাৰীঃ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় স্থলীত স্থাপন হব লগা, বহু প্ৰতিক্ষিত পুলিচ একাডেমীৰ ভূমি পূজন এক মাংগলিক পৰিৱেশত আনুষ্ঠানিক ভাৱে সম্পন্ন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।মুখ্যমন্ত্ৰীয়ে প্ৰথমে ভূমিপূজন কৰাৰ পাছত এখন ৰাজহুৱা সভাত ভাগ লয়। ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰিমিৎ সিঙে আদৰণি ভাষণ দিয়া সভাৰ আৰম্ভণিতে প্ৰস্তাবিত পুলিচ একাডেমীৰ আৰ্হি সম্বলিত এক ভিডিঅ’ প্ৰদৰ্শন কৰা হয় । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, কৃষিমন্ত্ৰী অতুল বৰা, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, হাউচিং ডাইৰেক্টৰ অৰবিন্দ কলিতা, গৃহ বিভাগৰ আয়ুক্তসচিব এম এচ মণিৱন্ন,প্ৰমুখ্যে বহুকেইজন উচ্চপদস্থ বিষয়াই সভাত অংশগ্রহণ কৰে। সভাত ভাষণ দি মুখ্য মন্ত্ৰী সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ নীতিৰে ৰাজ্য খনক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা ব্যক্ত কৰি প্ৰধান মন্ত্ৰীৰ সপোনৰ স্মাৰ্ট পুলিচ সৃষ্টি কৰাৰ লক্ষ্যৰেই দেৰগাঁৱৰ এই বিশ্বমানৰ পুলিচ একাডেমীৰ ব্যবস্থা কৰা হৈছে বুলি সদৰী কৰে।মহাদেৱ শিৱৰ আশিৰ্বাদলৈ পুলিচ একাডেমি স্থাপনৰ কামত আগবঢ়া হৈছে আৰু এইয়া হৈ উঠিলে বিশ্বৰ মানচিত্ৰত ৰাজ্যখন জিলিকি থাকিব বুলি তেও কয়। সৰ্বমুঠ এহেজাৰ চৌবিশ কোটি টকা প্ৰকল্পৰ এশ সাতষষ্ঠি কোটি টকাৰে বৰ্তমান প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হব বুলি ব্যক্ত কৰি এইক্ষেত্ৰত তেও স্থানীয় ৰাইজৰো সহযোগিতা কামণা কৰে। ইপিনে,ভাষণ প্ৰসংগঃ ত তেও কংগ্ৰেছৰ কায্যকালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা পাতি উল্লেখে কৰে বৰ্তমান চৰকাৰে নিকা আৰু স্বচ্ছ ভাৱে দিয়া নিযুক্তিকে ধৰি বিভিন্ন সাফল্যৰ খতিয়ান ডাঙি ধৰে আৰু তেওৰ চৰকাৰৰ চিন্তাত মানৱীয়তা থকা বুলি ব্যক্ত কৰে। অন্যহাতে, ১৯৪৮ চনত দেৰগাঁৱত প্ৰতিষ্ঠিত অসম আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়খন বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সদ্ ইচ্চাৰ বাবেই পুলিচ একাডেমীলৈ উন্নীত হোৱাত সন্তোষ্টিপ্ৰকাশ কৰি অন্যান্য বক্তাসকলে ইয়াৰবাবে মুখ্য মন্ত্ৰীজনক কৃতজ্ঞতা জ্ঞাপন কৰে । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বক্তব্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ সপোন আৰু মুখ্য মন্ত্ৰী সোনোৱালৰ সপোন বাস্তবায়িত হোৱাকৈ এই পুলিচ একাডেমীয়ে প্ৰকৃতাৰ্থত স্মাৰ্ট পুলিচ গঢ়ি তোলাত সফল হব বুলি আশা প্ৰকাশ কৰে । আঢ়ৈ বছৰৰ ভিতৰতে একাডেমীৰ প্ৰথম পয্যায়ৰ কাম সম্পন্ন কৰি তোলা হব বুলিও তেও সদৰী কৰে। এই অনুষ্ঠানৰ পাছতে ১৯০২ চনত প্ৰতিষ্ঠিত দেৰগাঁও আৰক্ষী থানাৰ নবনিৰ্মিত আটকধুনীয়া ভবনটো উদ্ধোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে। এই উদ্বোধনী অনুষ্ঠিত স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীও উপস্থিত থাকে ।

14 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here