দ্বীপ জিলাত প্ৰজ্ঞা ফাউণ্ডেচনৰ সংস্কাৰ জাগৰণ যাত্ৰা , মাজুলীত অভিনেতা ভগৱৎ প্ৰীতমৰ সুস্থ,সংস্কাৰমুখী সমাজ নিৰ্মাণৰ আহ্বান

    1
    129

    দ্বীপ জিলাত প্ৰজ্ঞা ফাউণ্ডেচনৰ সংস্কাৰ জাগৰণ যাত্ৰা , মাজুলীত অভিনেতা ভগৱৎ প্ৰীতমৰ সুস্থ,সংস্কাৰমুখী সমাজ নিৰ্মাণৰ আহ্বান
    কল্পজিৎ শইকীয়া , মাজুলী,৩ মাৰ্চ: আমাৰ ঐতিহ্য,আমাৰ পুৰাতন সংস্কৃতি অতি চহকী ৷ এই থলোৱা সংস্কিতি , সংস্কাৰমুখী প্ৰমূল্যৰ আদৰ্শৰে আমাৰ পৰিয়াল, নিজা সমাজ গড় দিব লাগিব , আমাৰ ভুমি আমিয়ে সংৰক্ষণ কৰি লাগিব , জৈৱিক কৃষিৰে কৃষক সকলে নৱ সমাজ , সুস্থ নিৰোগী সমাজ গঢ়িব লাগিব ৷ আমাৰ দেশ বিশ্ব গুৰু আছিল আৰু ভাৰতৰ এই মৰ্যদা আমিয়েই অক্ষুণ্ণ ৰাখিব লাগিব ৷ আজি নামনি মাজুলীৰ কৰতিপাৰত প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা সংস্কাৰ জাগৰণ যাত্ৰাৰ সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসমৰ যশস্বী অভিনেতা ভগৱৎ প্ৰিতমে এই দৰে কয় ৷ যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা মাজুলীৰ আদি বিহিমপুৰ সত্ৰৰ পৰা আৰম্ভ হোৱা সংস্কাৰ জাগৰণ যাত্ৰাৰ আজি ৩ মাৰ্চৰ কাৰ্যসূচী দিনৰ ১ বজাত অনুষ্ঠিত হয় কৰতিপাৰত ৷ আমাৰ পৰিয়াল ব্যৱস্থাৰ সংস্কাৰমূলক দিশ সমুহৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট সমাজ কৰ্মী আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্তই ৷ এই সভাৰ আঁট ধৰে জয়ন্ত কুমাৰ বৰা আৰু লীলাকান্ত ভট্টই ৷ ৩ মাৰ্চৰ শেষৰ খন সভা অনুষ্ঠিত হয় ৰঙাচাহী পঞ্চায়ত মালাপিন্ধা ৰংগমঞ্চত ৷ এই সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি মাজুলীৰ বিশিষ্ট শিক্ষাবিদ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৰুনা বৰাই ভাৰতীয় সংস্কৃতি,পৰম্পৰা,সংস্কাৰমূলক পৰিয়াল ব্যৱস্থা,পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত আমাৰ যৌথ পৰিয়াল সমুহ ভাঙোনমুখী হৈ পৰাৰ দিশ ৷ এই পাশ্চাত্য সংস্কৃৃতিয়ে ব্যক্তিক সমাজৰ লগত একাত্মবোধ কৰোৱাৰ সলনি সমাজৰ পৰা , পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি আত্মকেন্দ্ৰিক ব্যক্তি নিৰ্মাণ কৰা ৷ এই আৱতৰীয়া সংস্কৃতি বিনাশ কৰি এখন সুষ্ঠ সমাজ গঢ়াৰ দিশ সমুহৰ ওপৰত বিষ্টিত ভাৱে বক্তব্য প্ৰদান কৰে শিক্ষাবিদ জনে ৷ ইফালে,যোৱা ২ মাৰ্চৰ এই সংস্কাৰ যাত্ৰাৰ কাৰ্যসূচী বালি জকাইবোৱাৰ গুৰুকুল একাডেমি,চিলাকলা ৰংগমঞ্চত অনুষ্ঠিত হয় ৷ বালি জকাইবোৱাৰ গুৰুকুল একাডেমিত অনুষ্ঠিত সভাখনত থলুৱা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা,সমাজ গঠনত গাওঁ আৰু ভূমি সুৰক্ষাৰ গুৰুত্ব,সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা,জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আৰু আমাৰ কৰণীয় । প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱাশালী চিন্তন আৰু ভাৰতীয় দৰ্শণৰ সম্পৰ্কে উপস্থিত জনসাধাৰণৰ আগত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে সাংবাদিক তীৰ্থ ভূঞা বৰগায়নে ৷ কালিৰ অনুষ্ঠান কেইটাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে চেলেক বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগু,গুনকান্ত শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ এই ৰথ যাত্ৰাত সংগ দিয়ে সংস্কাৰ জাগৰণ যাত্ৰাৰ মাজুলী জিলাৰ সম্পাদক প্ৰাঞ্জল খাউণ্ড,সমাজ কৰ্মী বুবুল চন্দ্ৰ ডেকাই ৷

    1 COMMENT

    1. Good post. I learn something totally new and challenging on blogs I
      stumbleupon every day. It’s always interesting to read articles from other authors and practice something from their sites.

      My web page – Rodrigo

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here