দৰিদ্ৰ যমুনামুখত ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থীঃ ছিৰাজুদ্দিন আজমল কিমান ধনী ?

    0
    108

    দৰিদ্ৰ যমুনামুখত ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থীঃ ছিৰাজুদ্দিন আজমল কিমান ধনী ?

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১৩ মাৰ্চঃ বহু সমস্যাৰে জৰ্জৰিত যমুনামুখ সমষ্টি ৷ সমষ্টিবাসীয়ে হাজাৰটা সমস্যাত ককবকাই থাকিলেও সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি অহা প্ৰাৰ্থীসকল কিন্তু কোটিপতি ৷ ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থীৰ তালিকাত ছিৰাজুদ্দিন আজমল ৷ ছিৰাজুদ্দিন আজমল যমুনামুখ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ৷ যোৱা ১১ মাৰ্চত তেওঁ শংকৰদেৱ নগৰত মনোনয়ন দাখিল কৰে ৷ তেওঁ নিজৰ মনোনয়নৰ লগত দাখিল কৰা শপতনামাত উল্লেখ কৰা মতে , চিৰাজুদ্দিন আজমলৰ মুম্বাইৰ গণ পথৰাওঁ কদম মাৰ্গৰ প্ৰখ্যাত ইণ্ডিয়া বাল্চ ব্লু বিল্ডিঙৰ ৩১ মহলাত ৯,৬৩‌,১,৭২১ টকীয়া ফ্লেট,মুম্বাইৰ পানভেলত ৪,৪৬,৩৫,৩৩৪ টকীয়া ফ্লেট,কোলাবাৰ মেকাৰ টাৱাৰৰ ৫ নং ব্লকত ২১০০ বৰ্গফুট আৰু ২৪০ বৰ্গ ফুটৰ দুটা ফ্লেট,বেংগালুৰত ভাতৃৰ সতে মিলি এটা ফ্লেট,মুম্বাইৰ নাগদেবীত বিলাসী ফ্লেট,দিল্লীৰ নিজামুদ্দিনত ৮৩ লাখটকীয়ে ফ্লেট,মুম্বাইৰ ইণ্ডিয়া বাল্চ ব্লুত এটা বিলাসী ফ্লেট,গুৱাহাটীৰ ইউৰেকা হাইটত তৃতীয় মহলাত দুটা ফ্লেট আছে ৷ প্ৰায় ৪২ লাখ টকাৰ সোনৰ গহনা চিৰাজুদ্দিনৰ আছে ৷ বিলাসী বাহন মাৰ্চিডিজ বেঞ্জ , টয়টাৰ ইনভা দুখন , হুণ্ডাই ক্ৰেটা,মাৰুতি চুজুকীৰ জীপচী কিং এখনৰো গৰাকী তেওঁ ৷ চিৰাজুদ্দিন আজমলৰ হাতত নগদ আছে মাত্ৰ ১৬,১৪৩ টকা ৷ তেওঁৰ পত্নীৰ হাতত ২ লাখ ৯০ হাজাৰ ৪৪৩ টকা আছে ৷ চিৰাজুদ্দিন আজমলৰ বিভিন্ন বেংকত জমা ধনৰ পৰিমান ১৭,৭৫,৬০১৬ টকাৰ বিপৰীতে পত্নীৰ বেংকত জমা আছে ১৭,০২৩৫৬ টকা ৷ বিভিন্ন শ্বেয়াৰ,বণ্ড আদিত ছিৰাজ আজমলৰ বিনিয়োগ কৰা আছে ৬৪,০৯,৭৬৫৭ টকাৰ বিপৰীতে পত্নীৰ নামত বিনিয়োগ কৰা আছে ২৮,৩৬,৯৫,৯৭০ টকা ৷ চিৰাজুদ্দিনৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৪২,১০,৮৭,৬১৪ টকা আৰু পত্নীৰ ১০,১৭,০৭৬৮১ টকাৰ বিপৰীতে অস্থাৱৰ সম্পত্তিৰ পৰিমান ৩০,০২,৪৬,৭১০ আৰু পত্নীৰ ২৯,০৫,৮৬,৮৬৭ টকা ৷ ৫,১৮,৫১,৮৬২ টকাৰ নিজৰ নামত বেংকৰ ঋন থকাৰ বিপৰিতে ৩০,০৩৫৬২ টকাৰ ঋন লৈছে তেওঁৰ পত্নীয়ে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here