ধকুৱাত এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত স্বচ্ছতা একছন প্লেন কাৰ্যসূচী ৰূপায়ন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ছানিদুল শিকদাৰ, বৰপেটা ,১৩ মাৰ্চ : ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ তত্বাৱধানত,এন জি চি অসমৰ বৰপেটা জিলাৰ ন’ডেল এজেন্সী এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত আৰু ঢকুৱা হাইমাদ্ৰাছা ইকো-ক্লাৱৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বৰপেটা জিলাৰ ধকুৱাত স্বচ্ছতা একছন প্লেন ৰূপায়ন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ৰাজহুৱা স্থান, বজাৰ ছাফাই অভিযানৰ অন্তত বৃক্ষৰোপন কৰি ৰাইজক সজাগতাৰ উদ্দেশ্যে হাতে হাতে বিভিন্ন পৰিৱেশ সংৰক্ষণৰ শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ বিৰাট সমদল উলিয়ায় । ইয়াৰ পিছত দিনৰ ২ বজাত ধকুৱা হাইমাদ্ৰাছা প্ৰাংগনত প্ৰধান শিক্ষয়িত্ৰী ছামছুন নেহাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ক্ৰমে এছিয়ানৰ পৰিচালন সঞ্চালক ডাঃ এ কে শিকদাৰ, বিজ্ঞান শিক্ষয়িত্ৰী দৰ্শনা গগৈৰ লগতে কেইবা গৰাকী গন্য-মান্য ব্যক্তিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত স্বচ্ছতাৰ ওপৰত আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ বিতৰণ কৰা হয় । সভাৰ শেষত সকলোলৈ শলাগৰ শৰাই আহবঢ়ায় এছিয়ানৰ সমন্বয়ক এডভোকেট মেহবুব শ্বহীদে। আজিৰ এই কাৰ্য্যসূচীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, স্হানীয় ৰাইজৰ লগতে তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শোভা বৰ্ধন কৰে।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here